নিমন্ত্ৰণ

Rinku Rajowar
1
আহিবাচোন-
এদিন নৈৰ পাৰলৈ
ৰঙা-নীলা ৰঙবোৰৰ সতে লুকাভাকু খেলিবলৈ,
আহিবাচোন-
 এদিন ধাননি ডৰাৰ মাজলৈ
চৰাই আৰু সেউজীয়াৰ
মন পৰশা গান-নাচ উপভোগ কৰিবলৈ,
আহিবাচোন -
এদিন বুকুৰ দুখৰ জুপুৰি ঘৰটিলৈ
ভালপোৱাৰ এজোলোঙা সুখ ছটিয়াবলৈ,
আহিবাচোন-
 এদিন বান বিধ্বস্ত পথাৰ সদৃশ হৃদয়খনৰ কাষলৈ
শাওণৰ পথাৰৰ ৰোৱনি হৈ
এমুঠি জোনাকী সপোন ৰুবলৈ।

সঁচাকৈ আহিবাচোন
এদিন নিৰ্জনতাৰে ভৰা 
জীৱনৰ চোতালাত পাতিম
ৰৌদ্ৰোজ্জল মৰমৰ জোনাকী মেলা।

কবি-বিতু বুঢ়াগোঁহাই 
দুলীয়াজান, নিপ্‌কো

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment