ৰেল যাত্ৰা

©Admin
0

এটি ৰোমাঞ্চিক ভ্ৰমণ কাহিনী

১৯ নৱেম্বৰ ২০১৯  তাৰিখে দিনৰ এঘাৰ বজাত মৎ ঘৰৰপৰা ওলাই গ'লো  তিনি আলি গৈ জিৰণি কোঠাত ৰৈ আছো  গোলাঘাটলৈ যোৱা বাছৰ অপেক্ষাত মোক ভাইটিয়ে আগবঢ়াই দিবলৈ লগতে আহিছিল ভাইটিৰ হেঁতা পৰা মুখখন চাই মই তাক সোনকালে উভতি অহাৰ প্ৰতিশ্ৰুতি দিলোঁ এনেতে বাছখন আহি ৰ'লহি মই বাছত উঠি বহি লৈ খিৰিকীয়েদি জুমি চালো ভাইটি দুখমনেৰে মোলৈ একেলেথাৰিয়ে চকু টিপ নমৰাকৈ চাই আছে গালেদি দুধাৰি বৈ আছিল বাছখন চলিব ধৰিলে মই ভালকৈ বহি মবাইল উলিয়াই হেডফ'ন ডাল লগাই দুই কাণত জুবিন দাৰ এন্ধাৰ হব নোৱাৰো গানটো বজাই ভাইটিৰ কথাবোৰ ভাৱি ভাৱি গৈ থাকো
এনেতে গাড়ী হেণ্ডিমেনে জনে আহি কলে হেৰি নামক গোলাঘাট পালেহি মই দেখােন গমকে নাপালোঁ মই ইফালে সিফালে জুমি চালো পেছঞ্জাৰ নামিলেই দেখােন লৰালৰিকৈ গাড়ীৰপৰা নামি ফৰকাটিং ৰে'লৱে ষ্টেচনলৈ যোৱা মেজিক এখনত বহিলোঁ সময়তগৈ ৰে'লখন পালোহি ৷ আজি দেখােন ৰে'লখন পেছেঞ্জাৰেৰে ভৰি আছে মনতে ভাৱি এটা দীঘলীয়া উশাহ টানি এখন চিটত ল'ৰা দুজনমান বহি থকা দেখি তাতে মেনেজ কৰি বহি ললো ৷
কিছু সময় তেওঁলোকৰ বাৰ্তালাপ শুনি গম পালো যে তেওঁলোকৰ ভাষাটো হিন্দী ৷ মই আৰু মনে মনে নাথাকি কথা আৰম্ভ কৰি দিলো ৷
তুমলোগ কাহা সে আ ৰহে হো অৰ কাহা জাওগে ?
তাৰে তেৰমান বছৰীয়া ল'ৰা এটাই ক'লে ভায়া হমলোগ ডিমাপুৰ সে আ ৰহা হুঁ অৰ হম অপনা ঘৰ বিহাৰ জা ৰহা হুঁ , আপ কাহা জাওগে ? মই বাণাৰস যাম বুলি কলোঁ ৷ এনেদৰে বাৰ্তালাপৰ মাজেৰে মোৰ ৰে'লযাত্ৰা আৰম্ভ হ'ল ঝক- ঝক- ঝক-  ঝক -ঝক
ৰে'লখন গৈ গৈ পঁঅ' পঁপ কৈ এটা দীঘলীয়া উকি মাৰি
ষ্টাইলত ৰ'লহি কাৰোবাৰ যাত্ৰাৰ অন্ত পৰিল আৰু কাৰোবাৰ যাত্ৰা আৰম্ভ হ'ল ৷ এনেতে এজন আৰ্মী ডবাত উঠি হুলস্থূল লগাই দিলে "  ইতনা ভীড় হতো হতো মুঝে অন্দৰ জানে দো " কথাটো শুনি মই কলো আপ ইধৰ আইয়ে মেৰে জঘহ পৰ বেঠিয়ে ৷ তেখেতে মোৰ কথাটো শুনি মোলৈ ক্ষন্তেক চাই ডবাৰ পাইখানাগাৰৰ কাষতে গৈ বহিল ৷ এই দৃশ্য দেখি মোৰ বেয়া লাগিল আমাৰ দেশৰ আৰ্মিৰ এনে  দুৰ্গতি কিন্ত কৰোঁ বা কি মইতো মোৰ চিটখন যাঁচিছিলো কিন্ত তেখেতে  চাগে মোক কষ্ট দিব খোজা নাছিল সেইবাবে মই যাঁচি দিয়া চিটখন নললে ৷ ময়ো লাহেকৈ তেখেতৰ কাষত গৈ বহি ললোঁ সেইসময়ত তেখেত ৰুতি ভাজি খায় আছিল ময়ো নিজৰ টিফিনখন উলিয়াই ভাত খোৱাত লাগিলোঁ তেখেতে মোক মাত লগালে " বেটা ঠিকসে বৈঠ কৰ খাও " মই তেখেতৰ কথামতে বেগট ওপৰতে বহি খাই থাকোতে  এ চি ডবাৰো দৰ্জাখন খোল খালে  দুজন বিলাসী মানুহ আহি  আমাক কলে তঁহতে এই ঠাই এৰি দিয়া চেম্ফু ড্ৰাম এটা ৰাখিম এই বুল কৈ গুচি যায় মই লৰালৰিকৈ খোৱা সামৰি বেগ পিঠিত লৈ ঠিয় হলো এনেতে সিহঁতে ডাঙৰ ড্ৰাম এটা আনি থৈ দৰ্জাখন জপাই গুচি গ'ল  এই ৷ এনেদৰে ৰে'লখনে উকি মাৰি মাৰি গৈ আছে আৰু ষ্টেচন পালে ৰৈছে যাত্ৰী উঠিছে নামিছে তেনেকৈ এটা ষ্টাইলত এজন ত্ৰিশ / পঁইত্ৰিশ বয়সৰ মানুহ উঠিল তেখেতেও আহি আমাৰ লগতে বহিল আমাৰ মাজত চা চিনাকি হৈ বিভিন্ন ধৰণৰ বাৰ্তালাপ আৰম্ভ কিছু ৰসাল আৰু কিছু দুখভৰা ৷আৰ্মীজনে সহিব নোৱাৰি ড্ৰামখন এ চি ডবাতে নি থৈ আহিল আৰু খঙত এ চি ডবা পিনে চাই কৈ উঠিল হাৰামি দেশ কে গড্ডাৰো তুমলোগোকি বজহ সে হি দেশ বৰবাদ হো ৰহা হ্যে খুদকো ক্যা সমঝতা হ্যে হমলোগ জেনেৰেল ডবা কে যাত্ৰী নহী কিড়া মকোড়া হ্যে অৰ তুমলোগ এ চি ৱালে যাত্ৰী ইন্সান হো অৰে কমিনো অসল মে ইন্সানিয়ত কে নাম পৰ কলংক হো ৷ সেই পিছত উঠা অৰ্ধ বয়স্ক মানুহ জনে মোক কলৈ যাবা বুলি সুধিলত মই বানাসলৈ যাম বুলি কলোঁ ৷ ৰাতি ন বজা লগে লগে আমি ৰাতিৰ আহাৰ খাই পাইখানা ঘৰৰ কাষতে বেগটো শিতান সজাই শুবলৈ চেষ্টা কৰিলোঁ ৷
ৰাতিপুৱা হ'ল আমি মুখ হাত ধুই কিবা এটা খাওঁ বুলি বহিলো সেই অৰ্ধবয়স্ক খুৰাজনে মোক গুৰ অলপ দিলে আৰু কলে য়হ হামাৰে বিহাৰ কা গুৰ হ্যে খাকে দেখাে জৰা ৷ মই গুৰ খাই সচাকৈয়ে তৃপ্তি লভিলোঁ ৷
মানুহজনক মই ধন্যবাদ দি কলৈ যাব বুলি সুধাত তেখেতে বিহাৰৰ বনিয়া নামৰ ঠাইলৈ যোৱাৰ কথা ক'লে ৷ এনেদৰে বিহাৰ প্ৰদেশত ৰে'লখন প্ৰৱেশ কৰিলে কাঠিয়াৰ . পাটনা আদি ষ্টেচনত ৰৈ ৰৈ শেষত উত্তৰ প্ৰদেশ ৰাজ্যত ৰে'লখন প্ৰৱেশ কৰিলে আৰুো মোৰ গন্তব্যস্থান বানাস পালোহি তেতিয়া সময় হৈছিল ৰাতি ৯ বাজি ৩০ মিনিট ৷ মই নামি ফোন কৰি সুধিলো বলৱন্ত মই ষ্টেচনত আছো এতিয়া কোৱা কলৈ যাম ?
ৱলৱন্ত মোৰ বন্ধু সিয়ে মোক বানাসলৈ নিমন্ত্ৰণ জনাইছিল ৷ সি মোক আৰু এখন ৰে'ল ধৰিব কলে ৷
মই ষ্টেচন মাষ্টৰক সুধিলো যে কৈমৰ জিলা ভবৱা ৰ'ড লৈ কিবা গাড়ী আছে নেকি ৷ তেখেতে মোক ইয়াৰ পৰা ৰিস্কা ধৰি মুগলচৰাই ষ্টেচনলৈ যাব কলে তাতে গাড়ী পোৱা যাব বুলি ৷ লগে লগে মই টেম্পো এখনত উঠি মুগলচৰাই ষ্টেচনলৈ যাত্ৰা কৰিলোঁ মই ঠিক সময়ত গৈ ভবৱা ৰ'ড যোৱা ৰে'লখন পালোগৈ ৷বহু সময় ধৰি একো নোখোৱা বাবে মোৰ বৰকৈ ভোক লগাত চাহ একাপ কিনি খালো এনেতে  ভবৱা ৰ'ড ষ্টেচনত গাড়ী উকি মাৰি ৰ'লহি মই নামি বলৱন্তক ফোন লগালো কিছু সময় পাছত বলৱন্ত আহি মোক ভাড়াঘৰ এখনত লৈ গ'ল এনেকৈ মোৰ প্ৰথমটো ৰে'ল যাত্ৰাৰ অন্ত পৰিল ৷
দ্বিতীয় খণ্ডত আপুনি পঢ়িবলৈ পাব বিহাৰৰ পৰা মহাৰাষ্ট্ৰ লৈ এক ৰোমাঞ্চিক ৰে'ল যাত্ৰাৰ ভ্ৰমণ কাহিনী
আশা ৰাখিছো এই খণ্ডটি পঢ়ি নিশ্চয় আপনি ভাল পালে ৷ যদিহে ভাল পালে তেতিয়াহলে চেয়াৰ কৰি দিব অন্যলৈ ধন্যবাদ ৷

ৰচনাকাৰ - দুলাল ৰবিদাস
নুমলীগড় গোলাঘাট অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)