আকাশ

©Admin
0
আকাশ,  তোৰ মন
কোনেনো বুজিৱ পাৰে ?
কেতিয়াবা এআকাশ ডাৱৰ
কেতিয়াবা বৰষুণ
কেতিয়াবা তীব্ৰ ৰ'দ
কেতিয়াবা বলিয়া জীৰ নাচােন
কেতিয়াবা বৰফাবৃত আকাশ
বায়ুভৰা আকাশ তোৰ যে মহিমা বুজা টান ॥

তৰাবােৰ তোৰেই বুলি ভাৱো
কিন্তু তোৰ নহয় হেনো  !!

আকাশ - তই মহাকাশ
মহাকাশ -তোৰ সীমা আছেনে ?
মহাকাশ - মই পাগল হৈ যাম 
তোৰ সীমা 
সদায়েই বিছাৰি ফুৰো ।
তোৰ চোতালত জোনবায়ে নাচে   
তোৰ চোতালত তৰাই ধেমালি কৰে
তোৰেই আকাশৰ  ধুমকেতুৰ - আগমণ ধৰালৈ
আকাশ তই বিশ্ব -ব্ৰহ্মাণ্ডক কেনেকৈ পালিচ' - ৰহস্যৰ আবৰ্তত !!
কেতিয়া পাৰ পাম "আকাশ" , তোৰ সীমা ।
আকাশ তোমাক প্ৰণাম 
আকাশ -তোমাৰ লগত মহাকাশত 
ফুৰাবাচোন মোক 
হিয়া ভৰাই গ্ৰহ -নক্ষত্ৰবােৰ 
পিটিকি চাম  ॥
হে আকাশ
হে মহাকাশ
তোমালোকৰ শক্তি আৰু
ৰহস্যক বুজিবলৈ
বিজ্ঞান বলিয়া হৈ গৈছে ।
হে আকাশ প্ৰণাম তোমাক ॥
 
📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)