মোৰ সেউজীয়া সপোনবোৰ I
তোমাৰ বুকুত ওমলে মোৰ জোনাকৰ পৃথিৱী I
আৰু ওমলে
মোৰ পলাশৰ ৰঙচুৱা ফাগুন I
দুখৰ পৰা দুখলৈ বৈ যোৱা তোমাৰ
নিজন টুকুৰাই আজি খেলি মেলি কৰেI
মোৰ ওঠৰ মৌন হাহিঁ
তোমাৰ বাবে আজিও ৰৈ যায়
বিষনতাৰ পৰা বিষনতালৈ I
হাঁহিৰ পৰা কান্দোনলৈ গতি কৰা
মোৰ এই আধাৰুৱা জীৱন I
📝মাৰলিন মুণ্ডা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ