পিঠিত টোপা টো উলমাই
সেউজী বাগিছাৰ মাজত সোমাই
এডোখৰ তামোল মুখত ভৰাই
লিপষ্টিক সনাৰ দৰে ৰঙা ওঁঠ দুটিত
মিচিক মিচিক কৈ থাকা হাঁহি।
এনে তোমাৰ অপৰূপ সৌন্দৰ্য্য দেখি
কিমানে যে তোমাৰ প্ৰেমত পৰে।
তোমাৰ চন্দ্ৰ মুখত মোহিত হৈ
দূৰ কৰবাৰ পৰা উৰি আহি
শিৰীষ জোপাত বহা চৰাই জনী
নানান সুৰত গীত জুৰে
তোমাৰ ৰূপ সৌন্দৰ্য্য বখানি।
শাৰী শাৰী কৈ থকা চাহ গছজোপাও
তোমাৰ কোমল দুই হাতৰ স্পৰ্শ ত
আল্পুত হৈ তোমাৰ প্ৰেমত পৰে।
তোমাৰ কুমলীয়া আঙুলিৰ
পৰশ লাভৰ আশাত......
চিঙি দিয়া কুমলীয়া কলিটিত
দুদিন পাছত পুনৰ পোখা মেলে।
ৰাধিকা....
তোমাৰ ৰূপত মুগ্ধ হৈ
চাহ গছ জোপাৰ শাখা-উপশাখাই
বাধা দিয়ে তোমাৰ আঁচলত ধৰি
তুমি যাব বিচাৰোতে এৰি.....
তুমি প্ৰখৰ ৰদক প্ৰত্যাহ্বান কৰি
চাহ গছত মুকুতা বুটলোতে গলিয়ে গলি
তোমাৰ প্ৰেমত বলীয়া
বুঢ়া শিৰীষ জোপাই ডাল পাত মেলি
তোমাৰ বাবে সাজে ছাঁৰ আৱেষ্টনী।
📝শিবা মাঝী ( হাঁচদা)
বৰহাট বাগিছা , বৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ