আমি একেই আছিলো
বিৱৰ্তনৰ পথতহে
কল্পবৃক্ষই আমাৰ চিনাকী সলালে
জীৱশ্ৰষ্ঠ.....
অহংকাৰ নহব'ই বা কিয়
বল্কলৰ ব্যৱহাৰ জানো
আনবোৰে জানিছিল
জুইৰ আৱিস্কাৰৰ প্ৰশংসা জানো
সিহঁতবোৰে বুটলিছিল।
ইমানটোৱেই জানো অহংকাৰৰ কাৰণ হ'ব পাৰে?
একেই মাতৃৰ সন্তান হৈয়ো
সিহঁতবোৰৰ হত্যা কৰিয়েই
আমিবোৰে জানো নিৰ্মাণ কৰা নাই
সুখৰ আচবাব
খাদ্য শৃংখলাৰ নামত
কৰি গৈছো সকলো জীৱক
ভক্ষণ
ইমান ক্ষমতা থকাৰ পিছতো
অহংকাৰ নকৰিলে হ'বনে?
মানৱৰ জ্ঞান কৰ্ষণত সৃষ্ট বিজ্ঞানে
আজিৰ মানুহক জানো
গছ-গছনিৰে বন্ধুত্ব ৰাখিব দিছে
আজিৰ মানৱে অনুসন্ধান কৰিছে
অন্য গ্ৰহত নিজৰ বাসস্থান
তেন্তে মানুহ জানো প্ৰকৃতিৰ দাস?
অহংকাৰ নকৰিবই বা কিয়?
আজিৰ মানৱে সৃষ্টি কৰিছে উশাহ
প্লাষ্টিকৰ চাউলেৰে পূৰণ কৰিছে ভোক
নিজৰ কৰ্মৰে লুপ্ত কৰিছে আনবোৰৰ
পৰিৱেশক ধ্বংস কৰিছে প্ৰদূষণৰ মায়াৰে
প্ৰযুক্তিবিদ্যাৰে কৰিছে নিয়ন্ত্ৰণ
অতীতৰ দেৱতাবোৰৰ......
ইমানখিনিৰ পিছতো অহংকাৰ নকৰিলে জানো
শ্ৰেষ্ঠতাৰ প্ৰমাণিত হ'ব......
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ