আকৰ্ষণৰ সিদ্ধান্ত - সফলতাৰ ৰহস্য , খণ্ড -০৫

©Admin
0

বিশ্ব ব্ৰহ্মাণ্ড আপোনাৰ আদেশ পালন কৰিবৰ  বাবে সদায় সাজো মাথা আপুনি আদেশ দিয়ক ৷ অৰ্থাৎ আকৰ্ষণৰ সিদ্ধান্ত ইচ্ছা আৰু বিশ্বাসৰ আধাৰশিলাত কাম কৰে কিন্তু 

কেইটামান নিয়মৰ ভিতৰতেহে আকৰ্ষণৰ সিদ্ধান্তই ফলাফল দিয়ে এইকেইটা নিয়ম হৈছে -

১, ইচ্ছা

  আপোনাৰ ইচ্ছা কি শ সেইটো বিশ্ব ব্ৰহ্মাণ্ডৰ আগত ব্যক্ত কৰক যেনে সুখ শান্তি , ধন সম্পত্তি , ঘৰ গাড়ী , ব্যৱসায়ত উন্নতি অধ্যয়নত প্ৰগতি , ভাল ৰিজাল্ট , সফলতা আদি ৷

এই সকলোখিনি আপুনি অতি শীঘ্ৰে প্ৰাপ্ত কৰিব কিন্তু বিচৰাতকৈ অলপ কম বেছি হবই এয়া নিয়তিৰ নিয়ম ৷

আপোনাৰ ইচ্ছা অনুসৰি সময়ো লাগিব পাৰে ৷ যি কি নহওক আপুনি সম্পূৰ্ণ বিশ্বাস আৰু ধনাত্মক চিন্তাৰে আপোনাৰ ইচ্ছা বিশ্ব ব্ৰহ্মাণ্ডক সপি দিয়ক আৰু অপেক্ষা কৰক ৷

২/ বিশ্বাস

আপুনি যি বিচাৰিছে সেইটো পাব / নাপাব এনেধৰণৰ তিলমানো মনলৈ সন্দেহ আহিবলৈ নিদিব ৷ আপুনি সম্পূৰ্ণ বিশ্বাসেৰে মনটোক সতেজ আৰু ধনাত্মক কৰি ৰাখিব  কাৰণ আপুনি আপোনাৰ মনে বিচৰা বস্তুটো তেতিয়াহে পাব যেতিয়া আপুনি আকৰ্ষণৰ সিদ্ধান্তৰ ওপৰত এশ শতাংশ বিশ্বাস ৰাখিব ৷ সেয়াই নহয় যিটো বস্তু আপুনি বিচাৰিছে সেইমতে আপোনাৰ ৰিয়েকচনও হব লাগিব উঠোতে বহোতে শুবলৈ যাওঁতে দিনেৰাতিয়ে আপুনি সেই বস্তুটোৰ সপোন চাব সেই বস্তুটো পোৱাৰ পাছত যি আনন্দ উৎসাহ মনত উৎপন্ন হয় ঠিক সেইয়া আপুনি অনুভৱ কৰক যেনেবা বস্তুটো পালেই ৷ উদাহৰণ স্বৰূপে আপুনি যদি নিবনুৱা হয় তেন্তে নিশ্চয় ভাল চাকৰি পোৱাৰ ইচ্ছা প্ৰকট কৰিছে তেন্তে আপুনি কল্পনা কৰক আপুনি চাকৰি পাই গ'ল আৰু অফিচত বহি কাম কৰি আছে সেই সুখ অনুভৱ কৰক ৷ আৰু যদি আপুনি এজন ছাত্ৰ বা ছাত্ৰী হয় আৰু আপুনি বিচাৰিছে স্কুলত টপাৰ হোৱা নাইবা উত্তম ৰিজাল্ট তেন্তে আপুনি কল্পনা কৰক যে আপুনি স্কুলৰ টপাৰ ট্ৰফীটো লৈ স্টেজত থিয় আছে সেই ট্ৰফী পোৱাৰ সুখ অনুভৱ কৰক ৷ তাৰ উপৰিও আপুনি এজন গায়ক , লিখক , সমাজ সেৱক , ব্যবসায়ী , বিজ্ঞানী , ডাক্তৰ , ইঞ্জিনীয়াৰ , আদি হোৱাৰ ইচ্ছা বিশ্ব ব্ৰহ্মাণ্ডৰ আগত ব্যক্ত কৰিছে তেন্তে  সেইয়া কল্পনা কৰক আৰু সুখ অনুভৱ কৰক ৷ আৰু যদি আপুনি গাড়ী , ঘৰ , পত্নী বিচাৰে তেনেহলে গাড়ী আৰু ঘৰৰ ৰং ডিজাইন দাম আদিলৈকে বাচনি কৰক কল্পনা কৰক লগতে সপোনৰ ঘৰৰপৰা ওলাই সুন্দৰ আৰু চৰিত্ৰৱান পত্নীৰ সৈতে হেই গাড়ীতে বহি ফুৰিবলৈ যোৱাৰ কল্পনা কৰি সেই সুখৰ অনুভৱ কৰক ৷

এনে কৰি ভাল লাগিছে তেন্তে কৰি থাকক ইয়াত কোনো সমস্যা নাই ৷ 

                 আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)