দেখিছনে………দেখিছনে তই ?
বসন্তৰ বতৰা লৈ তোৰ পদুলিৰ
লতা-গোলাপ জোপাই আজি
থুপা-থুপে মেলিছে পাহি ৷
দেখিছনে তই ৷
নিমজ সুকোমল পাহিবোৰে
হালি-জালি আবেলি আবেলি
ফাগুনৰ সতে মাৰিছে চুপতি!
শুনিছনে কি কথা পাতিছে
গোপনে গোপনে সিঁহতে আজি ?
ক'ৰ জানো এজাক অচিন পখিলী
ঘনে ঘনে আহে-যায়
মনে মনে দি যায় কিহৰ বাতৰি
পাৱনে তই কিবা তাৰ উৱাহদি?
ফাগুনে বসন্ত মাতিছে,
নিশা পৰে পৰে ফেঁচাই কান্দিছে;
তোৰ বুকুত প্ৰেমৰ পচোৱা বলিছে,
তোৰ পদুলিৰ লতা-গোলাপ জোপাই
থুপা-থুপে পাহি মেলি
দিছে যেন তাৰেই বতৰি।
বতাহত হালি-জালি আবেলি আবেলি
পচোৱা সতে সিহঁতে ছাগে
তোৰ কথাকে পাতিছে কিজানি!
সোনপাহি ৷
তোৰ মন আকাশৰ নিচুক কথাটি
কিমানো আৰু গোপেনে ৰাখিবি ?
তোৰ পদুলিত লতা-গোলাপে
মেলিছে মৰমৰ পাহি ।
📝প্ৰবিন দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ