মোৰ প্ৰথম প্ৰেম (মনালিছাৰ দাপোনত

©Admin
0
প্ৰেম ভাল পোৱা কেনেকৈ আৰু কেতিয়া হয় ক'ত হয় মই নাজানো।
জানো মাথো যেতিয়া দুখন হৃদয়ৰ দুটি মনৰ সচা চাৰি চকুৰ মিলন হয় তেতিয়াই প্ৰেম হয়।
প্ৰেম কি বস্তু তোমাক দেখাৰ পাছত অনুভৱ হ'ল।
মোৰ কলেজৰ সেই প্ৰথম দিনটো।
যেতিয়া মই কলেজৰ চৌহদত ভৰি দিলো তেতিয়াই আৰম্ভ হ'ল এজাক চিপচিপিয়া বৰষুণ
আৰু তুমি আহি আছিলা সেই ফালেই এটা ছাতি লৈ।
মই লাজ অপমান কাটি কৰি বৰষুণে জুৰুলা কৰা শৰীৰটো ধাকিবলৈ তোমাৰ ছাতিৰ তলত সোমালো।
তুমি তোমাৰ কাজল সনা দুচকুৰ মিঠা চাৱনিৰে মোলৈ চালা তাৰ মাজতো আছিল খং আৰু অভিমান
মইয়ো তোমালৈ চালো
তোমাৰ দুচকুৰ মিঠা চাৱনিৰ প্ৰেমত মই সচাকৈ পৰি গৈছিলো।
লাহে লাহে এসময়ত বৰষুণ স্তব্দ হ'ল।
অৱশেষত মোৰ মুখৰ পৰা Sorry শব্দটো তোমালৈ বুলি।
আৰু তুমি উত্তৰ দিলা Its okk.
মই-তোমাৰ নামটো।
তাই-মনালিছা
মই-মনালিছা ৱাহ বৰ সুন্দৰ নাম তোমাৰ।
মই দুচকু জপাই ভাবিলো মনালিছাৰ অৰ্থ কি?
তোমাক কিবা কোৱাৰ আগতেই তুমি তাৰ পৰা আঁতৰি গ'লা।
এনেকৈ এদিন দুদিন কৈ বছৰ বাগৰি গ'ল।
এদিন মই তোমাক প্ৰেমৰ প্ৰস্তাৱ দিলো মনালিছা  তুমি কোন মই নাজানো নাজানো মই তুমি কি বুলি ভাবা।
কিন্তু মই তোমাক প্ৰথম দেখাতেই ভাল পাই পেলালো
মনালিছা তোমাৰ ওঠৰ মিঠা হাঁহি কাজল সনা দুচকুৰ মিঠা চাৱনিৰে মোক মোক পগলা কৰি পেলালে।
I love you monalisha.
I really love you.
মনত হেজাৰটা প্ৰশ্ন লৈ তোমাৰ উত্তৰৰ অপেক্ষা কৰিছিলো মই
তোমাৰ উত্তৰ আছিল 
লাভ ইউ টু।
এনেকৈ আমাৰ প্ৰেমে অতিক্ৰম কৰিলে দুটা বছৰ।
কিন্তু হঠ্যাৎ যেন তোমাৰ মনোভাৱ সলনি হ'ল সলনি হ'ল তোমাৰ মোৰ প্ৰতি থকা ভাল পোৱা
আৰু তুমি মোৰ পৰা  আঁতৰি যোৱাৰ চেষ্টা কৰিলা আৰু অৱশেষত আঁতৰি যাবলৈ সফল হ'লা।
আঁতৰি গ'লা মোৰ ঠুনুকা হৃদয় খন থান-বান কৰি।
আৰু মই থমকি ৰ'লো জীৱনৰ দোমোজাত তোমাৰ অপেক্ষাত।
মোৰ প্ৰথম প্ৰেম এটা বেয়া স্বপ্ন হৈ ৰৈ গ'ল গভীৰ সাগৰৰ কোবাল ঢৌৰ মাজত।
গুৰি বঠা দালো জহি খহি যাহ গ'ল প্ৰেমৰ প্ৰৱঞ্চনাত।
মোৰ প্ৰথম প্ৰেম তোমাৰ প্ৰেমৰ সাগৰত ডুব গ'ল এবুকু আশা লৈ।
সুধিব মন যায় তোমাক মনালিছা তুমি সুখী নে এতিয়া?

📝দ্বীপ দীপাংকৰ লাহন।
     বিশ্বনাথ-গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)