সেউজী তৰু - বৃক্ষ
কপৌ - কেতেকীৰ
সুন্দৰ ৰূপৰ সমাহাৰত
হৃদয়ে বুজি পায়
বহাগ অহাৰ ॥
কুলিৰ মাতেও
বন-বননি কপাই
জনাই দিয়ে বহাগ অহাৰ ॥
চঞ্চলা বহাগৰ
গীত আৰু নাচোনত
পুলকিত হয়
ডেকা -গাভৰুৰ মন ॥
অসমী গাভৰুৰ
তেজৰ সোঁতে সোঁতে
বয় বিহুগীতৰ সুৰ ॥
জাতীয়_ডেকাৰ
ঢােলৰ_মাতত -
নোঁৱাৰে - সমাজ_থাকিব_বহি ।
নোঁৱাৰে থাকিব_নাচনী_ৰৈ ॥
ৰঙালী বিহুৱে
হাত - বাউলি দি মাতে,
ডেকা কি (?)
বুঢ়া, শিশু, কৈশােৰকো...।
গা কৰে
সাত- আঠখন ৰাঙলী বুঢ়ীৰো ॥
অসমীয়াৰ তেজত বিহু,
অসমীয়াৰ মনত
বিহুৰ আনন্দ থাকে - বহাগ মাহত ॥
ঐ অসমীয়া,
পাৰিবিনে থাকিব
দুৱাৰ জপাই....
যেতিয়া,
চোতালত হুচৰি, বিহুৰ ঢুলীয়াৰ
ঢােলৰ চাপৰ পৰে ?
ঢােল পেপাঁ গগণাৰ মাতত
থাকিব নোৱাৰে কোনেও - ভিতৰত
ওলাই আহি দিবহি মাত ॥
নাই ,
হৃদয়ে নকয় ।
কোনো অসমীয়াই
বিহুক অৱজ্ঞা কৰিব নোৱাৰে ।
কাৰণ,
বিহু আমাৰ হৃদয়ে - হৃদয়ে
বিহু আমাৰ তেজে -তেজে ॥
মনৰ আপোন
জাতিৰ দাপোণ
ব'হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকে অসমীয়াই ?
মুগা ৰিহা-মেখেলা পিন্ধা
পাট গাভৰু
শিশু - বোৱাৰী সকলোৱে এপাক
বিহু নাচিবই নাচিব -
নানাচি - নোৱাৰে থাকিব ॥
সচাঁকৈ বিহুতি
আমাৰ আদৰৰ ।
বিহুটি নাহিলে
উকাঁ উকাঁ লাগে
বছৰতো ॥
বিহুৰ সম্ভাৰ অৱিহনে
আমি নহওঁ অসমীয়া !!
খুৰিতীৰ হাতৰ
পিঠা-পনা
মাহীতিৰ হাতৰ
দৈ-চিৰা
নাখালে বিহু-বিহু নালাগে ॥
ৰঙালী বিহুটি নামানিলে
হৃদয়ে ভাৱে
আমি যেন নহওঁ অসমীয়া ।
বিহুটি নামানিলে
লাগে জীৱন -আধৰুৱা ॥
সমগ্ৰ জাতিৰ
অন্তৰে অন্তৰে
সোমাই আছে
ব'হাগ বিহুৰ ৰঙ ॥
ব'হাগ আমাৰ
হৃদয়ৰ বিহু,
ব'হাগ আমাৰ
মনৰ বিহু,
বহাগ আমাৰ
জাতিৰ বিহু,
অসমীয়া থাকে মানে
বিহু থাকিব,
বিহু আমাৰ হৃদয়ে - হৃদয়ে ॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ