গীত

Rinku Rajowar
0
ৰূপালীৰ ফাকু সানি  জোনাক নামিব 
    আতৰিব আউসীৰ নিশা 
জোনৰ জোনাকী মেলাত সপোনবোৰে খেলিব 
 জিলিকিব মানবৰ প্ৰেমৰ কণা।
দুৰ্নীতি আতৰিব হত্যা  হিংসা নাথাকিব 
         সুস্থিৰ হব আমাৰ সমাজ।
জগত পোহৰাবলৈ ফুলিব প্ৰেমৰ গোলাপ 
        সৃষ্টি হব নতুন ইতিহাস 
ভণ্ডলোকৰ হব পৰিসমাপ্তি মাতৃৰ কোলাত কেচুৱাটি নতুন যুগৰ হব প্ৰভাত।
ৰূপালীৰ  হিংসাৰ জুইকুৰাত পানী ঢালি  নতুন ইতিহাস ৰচিম আমি শেষ হব ঘোৰ মহাপাপ 
শান্তিৰ শিখাডালি জ্বলিব হিয়াত জগতত ফুলিব ফুল পাৰিজাত প্ৰেমত শতদলে জগত পোহৰাব 
মৰমেৰে জানা আঁতি বান্ধিব।
ৰূপালীৰ- - - - - - - 
কুৱঁলীৰ জাল ফালি সুৰুয ওলাব- - বিধাতাৰ লিখনি কোনে সলাব
এন্ধাৰত সকলো লুকাই যায়
নতুন সৃষ্টিয়ে পাতনি মেলিব ।
শতশিশুৰ দুচকুত ৰঙে নতুন আশাৰ জোৱাৰ আনিব সুন্দৰৰ ন পুজাৰী হৈ নতুন ফুলেৰে প্ৰেমৰ মালা গাঁঠিব।

📝ৰুমী কলিতা দত্ত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)