পিতাই

Rinku Rajowar
0
পিতাইৰ পথাৰৰ আলিত 
খুপি খুপি সেউজীয়াৰ সুঘ্ৰান  লৈ
চাহপানী, জলপান  পিতাইলৈ,

পিতাইৰ দিচকুত ব্যস্ত সপোন 
উদং কপালত বিয়পে  ৰ 'দৰ গোন্ধ,

সেৰাপাতে পানী জোকে কলাফুলত 
সন্ধিয়া পিতাইৰ দুখ পোৱা ভৰিত 
চেঙা তেলে উটলে
পিতাইৰ বুকুত নিলগাই থয় 
যন্ত্ৰণ সিয়া এটি বেজি,

নিস্তব্ধ নিশাোৰত 
এবুকু আঘোনৰ জোনে 
পোহৰায় পিতাইৰ  পজাঘৰ 
জলঙাৰে সোমাই আহে  সোণগুটি আশা,

ভদীয়া বানে  বুজেনে 
কঠিয়াতলিৰ নিৰৱ ভাষা 
পিতাইৰ কপালৰ ঘামৰ ওজন 
আৰু ৰাজহাড়ত জক্ জকাই উঠা বিষটো
ৰাখেনে বৰ্ষজোৰা কষ্টৰ খতীয়ান ৷৷

📝  জুলি বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)