ঋতুৰাজ বসন্ত আকৌ আহিল
প্ৰিয় সম্ভাষণ জনাই প্ৰকৃতিয়ে আদৰিল।
সৌন্দৰ্য্যৰে ভৰপূৰ পুস্পৰ কানন
সুগন্ধি বিলাই ফুৰে মিঠা সমীৰণ।।
প্ৰকৃতিৰ বুকু হয় আনন্দ মুখৰ
বিলাই শান্তিৰ সুধা স্বৰ্গীয় প্ৰেমৰ।।
কুলি-কেতেকীয়ে বিনাই অপূৰ্ব তানেৰে
শুনিলে মন -প্ৰাণ সকলো হৰি নিয়ে।
জিলিয়ে বজাই বীণ প্ৰখৰ ৰ'দত
কতযে গীত গাই মিলন সুৰত।
প্ৰকৃতিৰ বুকুত উঠে ললিত ঝংকাৰ
মলয়াৰ প্ৰতিধ্বনিত বিহগীৰ হুংকাৰ।।
আকাশত ক্ষীণ জ্যোতি পুৱতি জোনৰ
ফুলৰ থোপাত বিলাই হাঁহি আনন্দৰ।
কিযে ৰূপ চোৱা প্ৰকৃতি বনৰ - -
পৰাণ বিভোৰ হয় কোনোবা জনৰ !
ৰঙচুৱা সুৰুযৰ হেঙুলীয়া আভাই
শেৱালি ফুলৰ চকুলো দিলে বাগৰাই ।।
কত যুগ মাৰ গ'ল কালৰ সোঁতত
আজিও প্ৰকৃতি আছে একেটা ভাৱত।
জনতাৰ গৌৰৱ ঘোষি বিজন বনত
মানৱৰ যত দুখ সহিছে মনত ।।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ