দক্ষিণ কামৰূপৰ চৌতালী নাম এক চমু অৱলোকন -০২

Rinku Rajowar
2
যোৱা সংখ্যাৰ পিছৰ পৰা --
 অসমীয়া ভাষা সাহিত্যৰ গৱেষক বিশিষ্ট সাহিত্যিক পণ্ডিত ড' বাণীকান্ত কাকতিদেৱৰ গৱেষণা গ্ৰন্থ Assamese  it's formation and development ত  চৌতালী শব্দটোৰ উত্চ সম্পৰ্কে কোনো মন্তব্য আগবঢ়োৱা নাই | চৌতালী শব্দটো অঞ্চলভেদে উচ্চাৰণ ভিন ভিন হোৱা দেখা যায় |  যেনে-- চৌতালী , চৈতেলী , ছয়তেলী , চ'তেলী ইত্যাদি  |
  অসমৰ অন্য এগৰাকী লোক-সংস্কৃতিৰ গৱেষক প্ৰাক্তন অধ্যক্ষ পণ্ডিত ড' নাৰায়ন দাস দেৱৰ মতে প্ৰাচীন কামৰূপত গুৰুকুলীয়া শিক্ষাৰ প্ৰচলন আছিল | সেই সেই টোল সমুহত শিক্ষা গ্ৰহণ কৰা শিষ্য সকলে চ'ত মাহত চোতালে চোতালে হাত চাপৰি বজাই বজাই চাউল , পইচা ,খুজি আনি গুৰু দক্ষিণা দিছিল | হয়তো  ইয়াৰ পৰাও চৈতেলী অথবা চৈতালী শব্দটি উদ্ভৱ হ'ব পাৰে | আনহাতে কিছুমানৰ মতে এই নামবিধ মানুহৰ চোতালে চোতালে বহি বহি গোৱা হৈছিল বাবেও হয়তো নামবিধক চৌতালী নাম বুলি কব খোজে  |
   ডবা নাগাৰা তাল আদি বাদ্যযন্ত্ৰৰ শব্দই শ্ৰোতা দৰ্শকৰ কাণ তাল মাৰি ধৰে  | নামবিধ ওচৰৰ পৰা শুনাতকৈ দূৰৰ পৰা শুনিলেহে বেছি মাদকতা পোৱা যায় | নামৰ গীতমাত ,গীত পদ সমূহত কোনো বাহ্যিকতা নাই | আছে মাথোন চহা জীৱনৰ কেঁচা মাটিৰ গোন্ধ আৰু সম্প্ৰীতিৰ বান্ধোনৰ প্ৰতিছবী  | নাম গীত সমূহ দুলড়ী , লেচাৰী , ঝনা ,ছবি , প্ৰভৃতি ছন্দৰ সহায়ত গোৱা হয়  | মুঠতে নানাবিধ  দ্ৰুপদী শাস্ত্ৰীয় সংগীত বুলি কব পাৰি | ঠাই বিশেষে নামবিধক নাগাৰা নাম , দগৰৰ নাম , পাল নাম , বীৰ নাম , চৈতেলী নাম , আদি নামেৰে জনা যায় | এই নামবিধ দক্ষিণ কামৰূপত পৰিবেশন শৈলী তিনিধৰণে উদযাপিত হোৱা দেখা যায়  |
(ক) চৈতালী ,(খ) থিয় নাম আৰু  (গ) পিয়াক নাম  | আগলৈ ---

📝 হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মই চৈতেলী নামৰ নাগাৰা বজোৱাৰ বুলনী বা বাজনা বোৰ দক্ষিণ কামৰুপ ৰ উপৰহালী, বৰিহাট, নহিৰা অন্চলৰ পৰা audio আৰু video সংগ্রহ কৰাৰ কাম কৰি আছো। বিশেষকৈ মাঘ বিহুৰ সময়ত।

    ReplyDelete
    Replies
    1. দক্ষিণ কামৰূপৰ চৈতেলী নামৰ ওপৰত গৱেষণা হৈছে নেকি বাৰু

      Delete
Post a Comment