নিশা নদী নাৰী

©Admin
0
মই নাৰী 
মোৰ বুকুত প্ৰতিনিয়ত
ধপ্‌ধপাই উৰে 
আকাশমুখী চৰাইজনী 
আৰু প্ৰতিবাৰেই 
মাটিলৈ নামি আহে 
ডেউকা ভাগি৷

মই নদী
মোৰ বুকুৰ  
প্ৰতিটোপাল 
সেউজীয়া পান কৰি 
যি হয় জীপাল 
সিয়েই দি যায় 
বিনিময়ত 
সমস্ত হলাহল।

মই নিশা
মোৰেই বুকুত 
কিলবিলাই
অজস্ৰ কীটে
এন্ধাৰৰ সাজ পিন্ধি 
কুটি কুটি গিলি খাই
বিশ্বাস-ভালপোৱা-মূল্যবোধৰ  
আৱৰণ ছিঙি ৷

 📝অলকানন্দা ৰাজবংশী বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)