যিদিনা মই আওৰাইছিলো
মোৰ হৃদয়ত তোমাৰ সুৰ,
সেইদিনা তুমি মোৰ
বুকুত ঘৰ সাজিছিলা।
তুমি চাগে এনেকুৱাই,
শব্দ বৰ্ণ ছন্দেৰে
হৃদয়ৰ শিপাত
বুকুৱে বুকুৱে
ঘৰ সজোৱা।
এতিয়া মোৰ শয়ণে সপোনে
মাথোঁ তুমি আৰু তুমি,
দেহ মনত আছা মাথোঁ তুমি বিয়পি,
উশাহে নিশাহে মাথোঁ তুমি তুমি অনুভৱ
কেতিয়াবা যদি শূন্যতাৰ
সীমা বিচাৰি নােপােৱা,
অনুভৱ কৰিবা মােক,
পথ হৈ বিচাৰি লম তােমাক...।
যদি কষ্টৰ বিষাক্ততাই,
চকুলােৰে চকু তিতি যায় তােমাৰ,
মােক কাষত বিচাৰিবা,
অনুভৱ হৈ চকুলাে মছি দিম তােমাৰ...।
যদি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰা,
তুমি মােক জনাই দিবা,
সকলাে বিসর্জন দি গুছি আহিম তােমাৰ কাষত।
জনমে মৰণে থাকিম তোমাৰ কাষত,
আজীৱন তোমাৰ হৈ।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ