ৰুণজুন-ধাৰাবাহিক উপন্যাস ( খণ্ড -১১)

©Admin
0

( প্ৰতি বৃহস্পতিবাৰে)

আজি ৰুণজুনৰ দেউতাকৰ তৎপৰতাৰ সীমা নাই । সকলাে যা-যােগাৰ, বহা-মেলা আদিৰ সুবিধা আৰু কােনে কােনফালে Reception ত থাকিব ইত্যাদি পৰিকল্পনা কৰাত ব্যস্ত  । মানুহক নিমণ্ত্ৰণ কৰি উঠি ভালকৈ আপ্যায়ণ কৰিব নােৱাৰিলে লাজৰ কথা হ'ব, সেইভাবি লাগি আছে । বিয়াতো পতা নহলেই, অন্ততঃ পাৰ্টিতােকে ভালকৈ দিওঁচােন ভাবেৰে তেওঁ গােটেইখন তদাৰক কৰি আছিল ।
     
 দূৰৰ মানুহ ১টা মান বজাৰ পৰা আহিবলৈ আৰম্ভ কৰিলেই ।  ভােজ ৰেডি - খাব পৰা হৈছেই । গৰমৰ দিন । দুপৰীয়া অহা সকলক ঠাণ্ডা পানীয় অৰ্থাৎ  কল্ড ড্ৰিংকচ দিছে । চাহ খােৱাক চাহ - পকৰি আদিৰে আপ্যায়িত কৰিছে । 
ৰুণক বগা গুণাকৰা কাপােৰ যোৰৰ লগত গহণাখিনিৰে বৰ ধুনীয়া দেখাইছে।  দৰা -কইনা দুয়ােকে চকীত বহুৱাইছে - মানুহে দৰা আৰু কইনা দুইজনকে সমানে গুৰুত্ব দিছে , লগতে   কােনােজনেই কম ধুনীয়া নহয়।  কােনােৱে কইনা চাই দৰা  হৈছে দেই বুলিও বখানি গৈছে ।  
সময় হ'লত -দৰাঘৰীয়া আৰু দৰাঘৰীয়াৰ অঙহী-বঙহী ও নিমণ্ত্ৰণক্ৰমে সকলাে আহি উপস্থিত হ'ল । ৰুণজুনৰ মাক-দেউতাকে অতি পৰিপাটিকৈ চাহ-ভাত সুন্দৰকৈ আপ্যায়ন কৰাৰ ব্যৱস্থা  কৰিছিল   আৰু ৰিহণহতঁৰ বংশ পৰিয়ালৰ মানুহবােৰে  বৰ  ভাল পালে  আৰু তেখেতসকলে দূৰৰ পৰা অহা বুলি সোনকালেই বিদায় ল'লে আৰু যাতে সু-কলমে চলি যায় তাৰেই কামনা কৰিলে । ৰিহণৰ মাকে বোৱাৰীয়েকক মূৰত হাত বুলাই পুনৰ আশীৰ্ব্বাদ দি বিদায় ল'লে । 
    চহৰৰ মানুহবােৰে  সন্ধ্যা ৬টা মান বজাৰ পৰা নিশা  ৯ টামান বজালৈকে আহিয়েই থাকিল , তাতে বৰুণৰ ঘৰৰ  পাৰ্টি কােনে এৰে।
    ৰুণৰ মুনলিমালৈ মনত পৰি আছিল আৰু মুনলিমাৰ কথা ভাবি আছিল তাই কিয় অহা নাই ? তাই মাককাে সুধিলে তাই কিয় অহা নাই বুলি । মাকে মাতিবলৈ পাহৰিলাে বুলি ক'লে। ৰুণৰ তাইলৈ বৰকৈ মনত পৰিল । এই সকলাে সুবিধা কৰি দিয়াৰ মূলতে আছিল তাই । ৰুণৰ বৰ বেয়া লাগিল । ছেঃ । তাইতাে (ৰুণে) এতিয়া- মাকৰ ঘৰ হলেও লগৰ ছােৱালীক নিমণ্ত্ৰণ কৰিব নােৱাৰে ।উপাই নাই । তাই ভাবিলে ," নগাৱৰ ঘৰলৈকে মাতি পথাব, নহলে মােক পাপে চুব । তাই মনতে সংকল্প ল'লে ," অতি সোনকালে ৰিহণক কৈ তাইক নিমণ্ত্ৰণ কৰিব । ৰুণে একপ্ৰকাৰ পাহৰি যােৱাৰ নিচিনাই হৈছিল । অ' এতিয়া এইবােৰ কথা ভবাৰ সময় নহয় । 
লগৰ আৰু কেইজনীমানক ভনীয়েকে মাতিছিল- ৰুবী আৰু নেহাই দূৰৰ পৰাই ৰুণক ক'লে,"ইস তােমালােক সচাকৈয়ে ৰাজজােৰা দেই ,বৰ ভাল লাগিছে  দেখি । 
মামাক -মামীয়েক , পেহীয়েক, খুৰাক -খুৰীয়েক আদি সকলো সম্বন্ধীয়ৰে পাৰ্টিত ভৰি পৰিল । লগতে চিনাকি, ওচৰ -চুবুৰীয়া  আদিৰে নিশা এটা পৰিপূৰ্ণ পাৰ্টি হৈ গ'ল । দেউতাক -মাকে ইমানেই আইটেম কৰিছে - কোনোবাই light diet কৰিম বুলিলেও তেনে কৰি যাব পাৰে  তেনে মেনু ও কৰি থৈছিল । মুঠতে বৰ সুন্দৰ পাৰ্টি চলিছিল । মনৰ পচণ্ড মতেই সকলাে হৈ গৈছিল  আৰু দূৰৰ বিলাক দিনতে গুছি গৈছিল ।
নিশা মানুহবােৰ পাতলি আহিল আৰু ঘৰৰ নিজৰ  মানুহখিনিয়ে গা-পা ধুই একেলগে ভাত খালে , বিশেষকৈ দৰা-কইনাক ভালদৰে  আলপৈচান ধৰিলে । সিহঁতৰ কষ্ট হৈছে বুলি ভাবি আগেভাগে খােৱা বােৱা শেষ কৰায়  জিৰাবলৈ ক'লে । দেউতাকে দুয়ােতাৰে খা খবৰ ললে । ৰিহণৰ,ৰুণৰ  মাক -দেউতাকৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু ভক্তি বাঢ়ি গ'ল । তেনেকৈয়ে লাহে লাহে দুইতা পৰিয়ালৰ মাজত মিলাপ্ৰীতি বাঢ়িব লাগিল আৰু পিছদিনা তেওঁলােকে  ঘৰলৈ বুলি ওলাওতে ৰুণৰ ঘৰৰ সকলােকে এদিন নিমণ্ত্ৰণ দি আহিল  আৰু মাক দেউতাকক সেৱা কৰি গুছি আহিল । ভনীয়েকে, বায়েক যোৱাৰ সময়ত হুৰাহুৰে কান্দিবলৈ লাগিল- তাকে দেখি ৰুণৰাে কান্দিবৰ মন গ'ল আৰু দেউতাক মাকে শান্তনা দি দুয়ােকে বিদায় দিলে । তেওঁলােকে ঘৰৰ অভিমুখে যাত্ৰা কৰিলে ।
                  আগলৈ


📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)