নাৰী

©Admin
0
হে নাৰী
বিচিত্ৰ তোমাৰ ৰূপ,
বিচিত্ৰ তোমাৰ মহিমা।
জন্মিলা তুমি কন্যাৰূপে,
পিতৃৰ সপোনৰ
বাস্তৱ ফুলৰ কলিৰূপে।
মা' ৰ বুকুচাতে
বাল্য, শৈশৱ পাৰ কৰিলা।
পাৰ কৰিলা বহুতো 
ল'ৰালি ৰ ধেমালি। 
সেই কণমাণি পখিলাজনী
আজি ন-কইনা
শিৰত সেন্দুৰ লৈ
চিনাকী দিলা অৰ্ধাংগিনীৰূপে।
বিয়াৰ পিছতে তুমি
হে পৰিলা বহুতৰে
বোৱাৰী, নবৌ
খুড়ী, মামী... 
লাহে লাহে তুমি
গৰ্ভৱতী হ'লা
ন মাহৰ পিছত তুমি
সন্তান জন্মিলা
হৈ পৰিলা পৃথিৱীৰ
অদম্য, সাহসী, মহিয়সী
মমতাময়ী মা....
হে নাৰী...
বিচিত্ৰ তোমাৰ ৰূপ
বিচিত্ৰ তোমাৰ মহিমা।।


 📝 বহাগী কৰ্মকাৰ
  সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)