পাণ-তামোল-০১

Rinku Rajowar
0
পাণ-তামোল আমাৰ জাতীয় জন জীৱনৰ অভিচ্ছেদ্য অংগ | আমাৰ স্বাভিমানৰ প্ৰতীক | যাক লৈ আমি গৌৰৱ কৰিব পাৰো , অহংকাৰ কৰিব পাৰো | যতদূৰ সম্ভৱ এনে সন্মানৰ প্ৰতীক স্বৰূপ বস্তু আন কোনো সমাজতে পাবলৈ নাই কিজানি | পাণ--তামোলে আমাৰ সমাজৰ কিমানখিনি সন্মানৰ ঠাই অধিকাৰ কৰি আছে সেয়া প্ৰতি গৰাকী অসমীয়াইহে অনুমান কৰিব পাৰে | সমাজত দায়--দোষ মাৰিবলৈ বঁটা এখনত পাণ--তামোল এযোৰ আগবঢ়াই দি সেৱা ললে ভকত বৈষ্ণৱ সকলে হৰি ধ্বনি দি সেই দোষ ভংগ কৰে | তাৰোপৰি কোনো লোকে সমাজত সংগ লবৰ বাবেও তদনুৰুপ ব্যৱস্থাৰে সমাজত সংযোগ হ'ব পাৰে | তাৰোপৰি পূজা পাতল ,নামঘৰ, মন্দিৰ , মঠ, দেৱালয় ,বিয়া সবাহ আদিত পাণ--তামোল নহলে কাম আৰম্ভই কৰিব নোৱাৰি | আজিহে বিয়া, শ্রাদ্ধ আদিত চিঠিৰে নিমন্ত্ৰন জনোৱা পৰম্পৰা প্ৰচলিত হৈছে | আজিৰ পৰা কিছু বছৰ আগলৈকে সমাজৰ এজন মুখিয়াল ব্যক্তিক লগত লৈ ঘৰৰ মূল মানুহজনে মোনা এখনত পাণ--তামোল ভৰাই লৈ এখন সৰু বঁটাত পাণ--তামোল এযোৰ দি নিমন্ত্ৰন দি আহিছিল | কিমান যে আত্মিয়তা আছিল তেনেবোৰ কামত | আমাৰ চকুৰ আগতে তেনেবোৰ আপুৰুগীয়া কথা ৰসৰাজ লক্ষ্মীনাথৰ ভাষাৰে কবলৈ গলে পৃথিৱীৰ কতো বিচাৰি নোপোৱা কথাবোৰ আমি আমাৰ বুলি কব পৰা সম্পদ সদৃশ কথাবোৰ এফালৰ পৰা হেৰুৱাই গৈ আছো | তাৰ প্ৰতি আমাৰ কোনো ভ্ৰূক্ষেপ নাই  | আগলৈ--

  📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)