এটা চিনাকি আছে
হোৱা দি বাহিৰ ওলাই ৷
দিনৰ শিয়ালৰ
সজ্জাত নাই
মিচিকিয়া হাঁহিৰে
আকোহি খায় ৷
দিনৰ শিয়ালবোৰে
ৰাতিৰ ৰ'দত
পাখি জোকাৰি হাঁহে ৷
সিহঁতৰ ৰঙৰ
কোনো ভেদ নাই
দিনৰ ৰ'দ
সিহঁতৰ প্রিয় নহয় ৷
শিয়াল নিচিনিলে
পদে পদে বিপদ ৷
বিপদৰ কোনো
সৰু বৰ নাই ৷
📝হেমেন হাজৰিকা,মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ