সপোন

Rinku Rajowar
0
মানৱ প্ৰেমেৰে উতপ্ত 
আত্মিক উপলব্ধি সংগ্ৰামী জীৱনৰ 
সূৰ্য্যৰ আভাৰে উদীপ্ত চিৰ বসন্ত ।
শত শত তমসাৰ জোৱাৰেও 
ভয়ত পলাব খোজে...
জীৱনৰ সুৰে সুৰে এটি গান 
প্ৰেমৰ সেন্দুৰী সুবাস 
ভাৱনাৰ তৰংগ হৃদয়ত
ঢৌ খেলে সুখৰ সুৰভিয়ে
অক্ষোহিনীৰ আল্পনাত ...!!

জীৱন অনুপম...!
       হৃদয়ৰ প্লাৱনত মন উটে 
প্ৰাণচঞ্চল চাৱনিত জোনাক নামে 
পক্ষীৰ ডেউকাত সুখবোৰ উৰি ফুৰে ।

জোনাকী আকাশৰ তৰাফুল বসন্তৰ সন্ধিয়া 
ৰৈ যায় সুখ-দুখৰ স্মৃতিবোৰ 
সুপ্ত মনৰ বুকুৰ স্পন্দন ।
সোণোৱালী সুৰীয়া যৌৱন মতলীয়া প্ৰেম 
ৰিক্ততাৰে সিক্ত মানৱ প্ৰেম...!!

দুচকুত পবিত্ৰ প্ৰেম ভাহে 
চিৰন্তন প্ৰেমৰ পূজাৰীৰ জীৱনলৈ 
বসন্ত নামে ...!!

📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)