মোৰ যাত্ৰা

©Admin
0
এক অচিন গলিৰে পৰা আৰম্ভ
মোৰ এই যাত্ৰা,
দেউতাৰ হাতত ধৰি,
খোজ কাঢ়িব হোৱাৰে পৰা,
মাৰ কথাকে বাৰে বাৰে শুনি
একেকৈ আওঁৰাব হোৱাৰে পৰা,
আৰম্ভ কৰিছো মোৰ যাত্ৰা ।

নিৰ্জন পথত নিৰ্ভয়ে খোজ দিছিলো,
এখোজ দুখোজকৈ আগলৈ বুলি।

ওখোৰা মোখোৰা এই বাট,
তথাপি আগবাঢ়িছো জীৱনৰ 
ডুকি নোপোৱা ছাঁ টিৰ দিশে,
সপোনৰ পাছ খেদি কৰা যাত্ৰাত
কেতিয়াবা ক্লান্ত হৈ পৰিছো,
তথাপি সাহস ও বিশ্বাস দৃঢ় কৰি
আগবাঢ়িছো লক্ষ‍্য অভিমুখে ।
চেষ্টা কৰিছো সফল হবলৈ 
মোৰ এই জীৱন যাত্ৰাত ।

   ✍️পুনম কুৰ্মী
   কাক'জান,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)