এটা ধুনীয়া সপোন ।
মোৰ সন্তান দুটিয়ে পঢ়ি শুনি ।
এদিন স্বাৱলম্বী হব।
নিজৰ নাম উজ্জ্বলাব।
সিহঁতৰ সাফল্যৰ হাঁহিৰে আমি।
আনন্দৰ চকুলো টুকিম
অভাৱ অনাটনেৰে ভৰা।
দিনবোৰ বিদায় দিব
এটা নতুন জীৱন আৰম্ভ কৰিম।
কিন্তু সেই সপোন ।
সপোন হৈয়ে থাকিল ।
ভাঙি গল সপোনবোৰ নিদয়ভাৱে।
সপোনবোৰ টুকুৰা টুকৰে
খহি গল নৈৰ বুকুত ।
বিলীন হল সপোনবোৰ
বিশাল জলৰাশিৰ মাজত ।
📝 মাৰলিন মুণ্ডা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ