চকুৰ পানী

Rinku Rajowar
0
এটুপ দুটুপ কৈ
   নিগৰে চকুৰ পানী 
      বহো যেতিয়া নিজানত
           অকলে ৰাতি । 

আলসুৱা মোৰ 
    মৰম এধানি
      গচকি পেলালা 
         দুচকু মুদি ।

তোমাৰ মিছা মৰমে
     জ্বলোৱা চাকি
         জ্বলাই গল মোক
             চাই কৰি ।

এটুপ দুটুপ 
     চকুৰ পানীত 
         অন্ত পৰিল
             মৰম নদী । 

📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি, চিচিবৰগাওঁ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)