অসমত হত্যা আৰু হত্যা
চাৰিও ফালে দেখো মাথোঁ,
সন্ত্ৰাসবাদীৰ আতংক ।
যুগ যুগ ধৰি অৰণ্যত বাস কৰি
অৰণ্যৰ পোচাক পিন্ধি,
তুমি আছা শান্তিময় শিখা জ্বলাই ।
পৰেশ বৰুৱা ককাইদেউ
স্বাগতম জনাইছোঁ তোমাক,
মানৱতাৰ সংজ্ঞা বিচাৰি
ওলাই আহা তুমি
তোমাৰ শান্তিময় শিখা নেওঁচি ।
অসমী আইৰ বুকুত জ্বলিছে আজি
হাহাকাৰ জুই ।
সভ্য মানৱতা ক'ত হেৰাই গ'ল,
নাঙঠ হব খোজা অসমী আইক
চাই যোৱা এবাৰ আহি ।
অপমানিত্য,লঞ্ছিত বঞ্চিত,
হতাশাৰ, নিৰাশাৰ, আজি,
অসমী আইৰ চকুত চকুপানী ।
পৰেশ বৰুৱা ককাইদেউ,
তোমাক স্বাগতম জনাইছোঁ
অৰণ্য ত্যাগ কৰি ওলাই আহা,
অসমী আইৰ বুকুত আজি হাহাকাৰ জুই ।
প্ৰতিজন অসমীয়াৰ,
সমস্ত ইন্দ্ৰীয় জাগ্ৰত,
বিশ্বাস আছে মাথোঁ তোমাৰ ওপৰত ।
অসমী আইৰ বুকুত,
হাজাৰ হাজাৰ ডেকাৰ আত্মাই,
আজিও আছে সমাধিত বহি ইনাই বিনাই
তোমালৈ বাট চাই ।
তুমি আছা দেশৰ প্ৰহৰী হৈ,
দিগন্তৰ সিপাৰে ৰৈ
শান্তিময় শিখা জ্বলাই ।
তোমাৰ অবিহনে ইতিহাসে কান্দিব এদিন ।
ওলাই আহা পৰেশ বৰুৱা ককাইদেউ
তোমাক স্বাগতম,
অসমী আইয়ে তোমাক বাট চাই আছে
দুচকুত তেজৰ নৈ বৈছে ।
তুমি ওলাই আহা,
অৰণ্যৰ শিকলি চিঙি ভাঙি থান বান কৰি ।
জগাই তোলা আকৌ,
নৱ প্ৰজন্ম নতুন অসম ।
পৰেশ বৰুৱা ককাইদেউ
তোমাক স্বাগতম ।
📝বিনিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ