সময়

Rinku Rajowar
0
ভোগকেই সুখৰ আধাৰ বুলি
যদি তুমি ভাবিছা
তেন্তে ঔৰংগজেৱৰ
পিতৃ হোৱাৰ সময় সমাগত ।

প্ৰস্তুত হোৱা
বন্ধ কোঠৰীত
তিলতিলকৈ বিয়লিৰ
অৱসৰৰ বাবে ।

ধন-সম্পদেই যদি 
সুখৰ আধাৰ বুলি 
যদি ভাবিছা
তেন্তে নিশ্চিত থাকা
পংগু উত্তৰ প্ৰজন্মৰ 
তুমিয়েই হ'বা দায়ী ।

অতীত হোৱা নাই
তোমাৰ ভিতৰৰ 'তুমি'ক
আৰু মোৰ ভিতৰৰ 'মই'ক
চিনাৰ সময় ।

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)