আমাৰ তেজৰ গ্ৰুপবোৰ
ভিন্ন ধৰণৰ
দেহৰ বৰণবোৰ
দুই এজনৰহে মিল থকা ৷
মনবোৰৰ কথা
এক নেদেখা সাথৰ ৷
দিনটোৰ অৰ্ধেক সময়
সদাই একেলগে কটাওঁ
দুখবোৰ ভগাই লওঁ
সুখ আনন্দৰো
সমভাগী নোহোৱাকৈ নাথাকো
জিৰণি , খাদ্যৰ ভাগবাটৰুৱা
টনা আজোৰা
হাঁহি স্ফুৰ্টী
কিমান যে কথা ৷
তেজৰ সম্পৰ্ক নাথাকিলেও
আমি কিমান যে আপোন ৷
যেন সহোদৰ ভাই
ভাল লাগে ভাবি |
এইবোৰ বিৰল মুহুৰ্ত
জীৱন সাক্ষী হৈ ৰ'ব ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ