অন্তিমশয্যা

©Admin
0
( কৰʼণাৰ অভিঘাতত শ্ৰান্ত প্ৰৱাসী শ্ৰমিকৰ ৰেলৰ খুন্দাত নিহত হোৱাক লৈ)

যাত্ৰা কঠিণ আছিল 
বাটচোৱা সাতিশয় বন্ধুৰ আৰু বিপদেৰে আৱৰা
পৰিযায়ী পখীবোৰৰ ডেউকা ভগা 
বোজা বোৱা পশুবোৰ লেতুসেতু
হাত বাউলি আছিল
বাহলৈ ওভতি অহাৰ তুফানৰ মাজেৰে
অকন দানাপানী মুখলৈ লোৱাৰ

ভিন্নমত ! সেয়াও আছিল
খাণ্ডৱদহনত অকাৰণ লʼৰাধপৰা কেলেই
বানপানীত কিয় মথাউৰিৰ তল্লাচ

 মানুহবোৰ গৈ আছিল
নিশাটোৰ ভিতৰত কৰ্মহীন আশ্ৰয়হীন
দুখন চাপাটি আৰু ভঙা পঁজাৰ নিৰাপত্তাৰ সন্ধানত
যাত্ৰা কঠিণ আৰু বাট বিপদসঙ্কুল
পথচলাৰে ভৰিৰ তলুৱা ফালি চিৰাচিৰ 
তেজ আৰু ধূলিৰে লিপিট খোৱা
মূৰৰ ওপৰত অগনিবৰষুৱা অকৰুণ আকাশ
ৰাজপথেৰে চলাচলত নিষেধাজ্ঞা
বিমানসেৱা অধিকাৰবহিৰ্ভূত
ৰেল আৰু বাছেৰে যাতায়াত ৰুদ্ধ

তথাপি সিহঁত ৰওৱানা হয়
বন জঙ্গল ভেদি
দুখৰ বোজা শিৰত কঢ়িয়াই
সঙ্গী মাথোঁ দুৰ্ভাগ্য ভোক আৰু
বেৰত পিঠি লগা বেপৰোৱা সাহ
বানপানীত অলীয়া বলীয়া হৈ লʼৰি ফুৰা পশুৰ দৰে
যেন ধুমুহাত ভাগি পৰা গছৰ পখী 
দিনলিপি লিখা সিহতৰ লিট্টিচেকা ভৰিত
ৰাতিৰ আতংক কাজল কʼলা চকুৰ গহ্বৰত
চৰকাৰী বদান্যতাৰ সুযোগ বঞ্চিত
বেচৰকাৰী সহায়তা অসহায়

তথাপি সিহঁত গৈ আছিল
দুৰ্ভগীয়াৰ লগৰীয়া অভাগা
যেনেকৈ শ্ৰমৰ সহযোগী ক্লান্তি
কেৱল লেইলেই ছেইছেই আৰু ধিক্কাৰৰ কোটা লৈ
অগণিত বেহিচাৱিসকল গৈ আছিল
যাত্ৰা শেষ হব নে নাই
ঘৰলৈ পাবগৈ নে
নেকি আদবাটতে গৰালত হব ঠাই
অনিশ্চয়তাক লৈ গৈ আছিল

অলপ নিশ্চয়তা বিচাৰি সিহঁতে লʼলে ৰেলআলি
ৰেলযাত্ৰা নহʼল নাই
পথ নেহেৰুৱাবলৈ
বনৰীয়া জন্তুৰ খাদ্য নহʼবলৈ
সিহঁতে নাজানিছিল জীৱৰ আশ্বাস যিদৰে নোহোৱা হʼল
মৃত্য়ুৰও নিশ্চয়তা নাই
নুবুজিলে বন্যপশুতকৈয়ো ভয়ানক দানৱে
ৰক্তচকুৰে চাই মুখ মেলি আহে সগৰ্জনে
সিহঁতে কেনেবাকৈ পোৱা চাপাটি কেইটিমান চোবাই
গভীৰ পৰিতৃপ্তি আৰু অলেখ পথশ্ৰান্ত লৈ
ৰেলৰ আলিত মূৰ থৈ স্বপ্নবিভোৰ
খাজুৰিপাতেৰে সঁজা পঁজাৰ আগৰ চোতালত
শুকান ৰুটি কণমান আচাৰেৰে চোবাই
বৰ পৰিতৃপ্তিৰে খাটিয়াত শোৱাৰ কল্পনাৰে
গৰখীয়া বাঁহীৰ উঁকি দিয়া সুৰ সেয়ে ভাঁহি আহে নে
মুকলি বতাহৰ পৰশনেৰে আন্দোলে জানো খাটিয়া
দীৰ্ঘ বিৰহিতাৰ চেনেহৰ ওমাল পৰশ নেকি
ব্যথা বেদনাৰ লাঞ্চনা-হতাশাৰ ইমান খৰকতীয়া অৱসান
চাপাটিৰ ফুল ইমান ধুনীয়া দেখি বাহৰ শয্যাত

 📝ডঃ ভাৰ্গৱ কুমাৰ জ্যোতিষ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)