অভিশাপবোৰ কেতিয়াবা
আমাৰ বাবে
আৰ্শীবাদো হয় |
সংকট জনক সময় প্ৰবাহ
ওলাব নোৱাৰি
কাষ চাপিব নোৱাৰি
খাব নোৱাৰি একেলগে
কি যে দুৰ্ভাৱনা |
আকাশ , বতাহ
মাটি , মানুহ
প্ৰকৃতিয়ে চেনীটাইজ
কৰিলে নিজেই |
মগজ থকা
প্ৰত্যেক মগজেই শিকিলে
নিয়তিয়ে কাকো ক্ষমা নকৰে
যিয়েই নহওক
সদ্যহতে আমাৰ উশাহবোৰ
কিছু নিৰ্মল হ'ল |
অতি বেছি বেয়া বাবে
আমি ভালকৈ শিকিলো
দূৰত্ব বজাই চলাই
উত্তম উপায় |
নোলাব কাষ নাচাপিব
সকলো দুৰ্ভাবনা
নিজেই আতৰিব ||
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ