অচিন শত্ৰুৰ স'তে কৰা যুঁজৰ পৰিসমাপ্তি ঘটিব
ক'লা চাৱনিবোৰ আঁতৰি
ফৰকাল হ'ব জীৱনৰ ৰং
তেতিয়া হয়তো জীৱনৰ আয়ুস
মাক্সৰ পৰিসীমাৰ বাহিৰত হ'ব
গৃহবন্দী হৈ কোনেও নকৰিব মৃত্যুৰ অংক
অথবা ভোক আৰু জীৱনৰ শ'লঠেকত
নহ'ব আতংকিত.......
জীৱনে অচিনা শত্ৰুৰ যুঁজত
বিজয় ধ্বজা উৰুৱাই
মুকলি উশাহ লওঁতেই বিভীষিকাই
গাজনী মাৰিব
অৰ্থনীতিৰ আকাশত মন্দাৱস্থাই তাণ্ডৱ নৃত্য কৰিব
শ্ৰমিকে শ্ৰমৰ হাহাকাৰ কৰিব
তেতিয়া হয়তো ভোকেই হ'ব চৌপাশৰ চিঞৰ
জীৱনে আকৌ মন্দাগ্নিৰ পথাৰত ৰৈ
আন এক সেউজীয়া উপত্যকাৰ কামনা কৰিব।
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ