ডাৱৰৰ আঁৰে আঁৰে উৰি আঁহা হে- মোৰ
হৃদয়ৰ দেৱতা ...
সুখ শান্তিৰ সঁফুৰা লৈ...
ডাৱৰৰ ৰংবোৰ হ'ল শুকুলা
সুখবোৰ তুমি দিয়া ছটিয়াই ।
তোমাৰ মাতষাৰতে
শান্তি আছে মোৰ বাবে
পৰাণ জুৰুৱা বতাহো আছে ৷
প্ৰেমৰ দুৱাৰখন খুলি দিলোঁ হঠাতে
আকাশ চোৱাৰ মোৰ হেঁপাহ আছে
দুখেৰে হৃদয় ভৰি থাকে
তোমাৰ ওঁঠৰ গানে যে মোৰ
চকুলো বোৱাই ৰাখে ...
কলিজাৰ জীয়া ঢৌবোৰে
ভালপোৱাৰ কপি সাঁচি ৰাখে নজনাকৈয়ে
তোমাৰ গোপন অহংকাৰে
প্ৰেমৰ দুৱাৰখন বন্ধ কৰে ৷
মোৰ বুকুৰ কুটুম হৈ আহে নিৰ্জনতা
বুকুৰ দাগবোৰ আপোন বাবেই
সপোনতো তোমাক দেখোঁ
নজনাকৈ কৈ উঠো।
মাথোঁ অপেক্ষা কৰোঁ
পাওঁ নেকি সুপ্ত প্ৰেমৰ মৰমৰ সঁফুৰা।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ