অচিন-চিনাকী

©Admin
0
  চকু দুটা বুকুত পিন্ধি
  বাটৰুৱা জন ঘুৰি ফুৰিছে
  এই এবেগেতিয়ী মানুহজনৰ
  দুৰন্ত খোজ ৷
  বাটৰুৱাজনে
  কাণ দুখন কৰবাত
  দুখৰ বাটত হেৰুৱালে  ৷
  বুকুত চকু থকা বাবে
  মুখখন পিঠিত আৰি ললে
  কিমান খাব পাৰে
  সি আনক দেখুৱাব
  অথচ
  নিজে নাচায়  ৷
  গাত ৰ'দ নলগা
  আৰু
  বৰষুণ নপৰা মানুহজন
  চিনাকি নে অচিনাকী  ৷
  এনেকৈ
  কাণ হেৰুৱাই
  উদয়াস্ত টলৌ টলৌ কৈ
  বাটৰুৱাজন ঘুৰি ফুৰিছে ৷

  📝হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)