ফুলেৰে গাঁঠিলো মালা

Rinku Rajowar
0
সাগৰৰ সিটোপাৰে তুমি 
আৰু ইটো পাৰে মই 
মধ্যাহ্ন পৰত 
শুনানে তুমি মোৰ বিননি 
সৌ সমীৰণৰ তালে তালে 
নীৰৱে আছিলো বহি 
তোমাৰেই স্মৃতি সুঁৱৰি
মোৰ হাতৰ পৰশেৰে গাঁঠিলো 
তোমালৈ বুলি 
বকুল ফুলৰ মালাধাৰী 
জানা 
জানা পিন্ধাই দিম তোমাক 
মোৰ লাৱনি দুহাতেৰে
যি দিনা হ'ব তোমাৰ আৰু মোৰ
যুগ্ম জীৱনৰ আৰম্ভণি 
মেঘালী 
সাগৰৰ পাৰত বহি
মোৰ উন্মানা মনে
তোমাৰ কথাকে ভাৱে জানা 
উৰে দিন উৰে ৰাতি 
ফেনে ফুটুকাৰে বৈ অহা ঢৌৰ লগত 
নিৰৱধি কথা পাতো জানা 
কিজানি বা পাওঁৱেই তোমাৰ সংবাদ 
সেউজীয়া প্ৰকৃতিয়ে বৰ আমনি কৰে 
তোমাৰ কথা সুধি সুধি 
বজাব দিয়ে মোক চিফুং বাঁহী
মেঘালী 
সাৰে থকা সাগৰেও কয় মোক 
তোমাৰ কথা 
দিয়ে মোক সাগৰে মণি মুকুতা 
বিচাৰে আমাৰ দুয়োৰে সমন্বয় গঢ়াৰ
মেঘালী 
হাতৰ মালাধাৰী 
হাততে শুকাব নিদিবা 
ভাটৌ বুলীয়া খবৰ লৈ
আহিবা তুমি উন্মানা মনে 
তুমি মোৰ হৃদয়ৰ নষ্টালজিয়া।

📝বিনিতা বৰা 
লংকা (কাকী ৩) হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)