হুইছেলৰ শব্দই
সিহঁতবোৰৰ এলাৰ্ম
হুইছেলৰ মাততেই ঘূৰে
সিহঁতবোৰৰ
জীৱন ঘঁড়ীৰ কাঁটাডাল
হুইছেলৰ মাততেই চলে
সিহঁতবোৰৰ খোজৰ গতি
হুইছেলৰ মাততেই কৰে
চাহগছবোৰৰ স'তে বাৰ্তালাপ
হুইছেলৰ মাততেই
ঘামবোৰ বৈ যায় সিহঁতৰ
হুইছেলৰ মাততেই
নিৰ্ণয় হয়
সিহঁতবোৰৰ দিন ৰাতি।
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ