দেহাৰ পাতখিলা
কাষলতিত গুঁজি দিয়ে মলয়াই
কেঁহোকলি মনৰ সেউজ সপোন
কোনোবাই লিখে ভৱিষ্যতৰ দিনলিপি
চৰাইৰ ওঁঠেৰে মৰণ সাগৰৰ সিপাৰে
সাঁচি থোৱা কোৰৰ আগৰ মৰহা আশা
কেনে চিকমিকাই হালৰ মুখত
ভূমিক চুমি ফুলায় আগলি দিনৰ পোখা
তোমাৰ আঙুলিৰ শিৰশিৰনিৰ দৰে
আকাশ নামি আহে জৰীয়া উলাহত
সময়ৰ ঠিকনাক জেপত ভৰাই
📝 ডঃ জ্যোতিষ কুমাৰ দেৱ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ