বেজাৰ নকৰিবা তুমি

©Admin
0
জীৱন বাটত আজি তুমি অকলশৰীয়া 
নীৰৱে আৰু কিমান সহিবা 
নকৰিবা বেজাৰ তুমি
নকৰিবা 
কিংবা দুখ 
নিদিবা জীৱন আহুতি 
আছাগৈ তুমি 
দূৰ দূৰণিত 
নিজানে কোনোবা অজান ঠাইত 
বেজাৰ নকৰিবা তুমি 
বেজাৰ নকৰিবা যিবোৰ ঘটাৰ
সম্ভাৱনা আছিল তোমাৰ আৰু মোৰ 
মই হত্যা কৰিছোঁ তেনে সম্ভাৱনাৰ উশাহ 
ঘটি যোৱা ঘটনাৰ বাবে 
নকৰো তোমাক জগৰীয়া  
কাহানিও মই 
কাৰোবাৰ জয়ৰ বাবে
কাৰোবাৰ পৰাজয়টো হ'বয়ে লাগিব 
মই তেনে সম্ভাৱনাৰ অপৰাজিতা নায়িকা 
বেজাৰ নকৰিবা তুমি 
বেজাৰ নকৰিবা 
মোৰ বাবে সমাধিত বহি বহি 
বুকুত গুজি লৈছোঁ 
মই মোৰ ভালপোৱা 
সান্নিধ্য লভিব অন্তৰে তোমাৰ 
বেজাৰ নকৰিবা তুমি 
নাভাৱিবা তুমি কাহানিও 
নিদিও খচুৰি তোমাৰ সেই অতীত-বুৰঞ্জী 
সেমেকা হৃদয় তোমাৰ 
সেমেকিব মন 
নকৰিবা আৰু ভুল অবিশ্বাসক নিদিবা আশ্ৰয় 
প্ৰেমৰ বাটত  
দুখৰ সমুদ্ৰত নাওঁ বাই যোৱা 
এতিয়া মই মাথোঁ 
নিপুণ নাৱৰীয়া অতীতৰ 
মোৰ বাবে তুমি বেজাৰ নকৰিবা 
ফালি ছিৰি উটুৱাই দিয়া নি:সংগতাক সমুদ্ৰৰ বুকুত 
নিজান ঠাইত সমাধিত বহি
প্ৰেমৰ উম লৈ থাকিবা সদায় তুমি 
মোৰ বাবে বেজাৰ নকৰিবা 
নকৰিবা প্লিজ ।।

   📝বিনিতা বৰা 
      লংকা (কাকী-৩)
      হোজাই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)