শ্ৰমিক

Rinku Rajowar
0
বুকুত সযতনে ৰাখে
হাজাৰ সপোন
চকুৱেই দুখবোৰৰ
পৰিস্ফুট হোৱা দাপোন ।

নিজৰ জুপুৰি টো
মুধা ফুটা তাপলি মৰা
আনৰে বাবে গঢ়ে সুউচ্চ
গগন চুম্বী অট্টালিকা ।

দেহৰ ৰক্ত, ঘাম ৰূপে 
টুপ টুপ সৰে
কৃষক ৰূপে শুৱনি এই
সেউজী  ধৰাখন গঢ়ে ।

ভিন্ন সোৱাদৰে বাবুৰ বঙলাত
পিয়লাৰ কফি ,আঞ্জা তৈয়াৰে
কেৱল ফিকা চাহ আৰু পানীৰে
নিজা তৃষ্ণা দূৰ কৰে ।

শৰীৰৰ বগা তেজ মাটিত বোৱাই
লভ‍্য নহয় উচিত দাম,
নাপায় উচিত সন্মান,
যি পায় তাতো ঘোলা চকু
চলে তাত দৰ দাম ।

শ্ৰমিক নামে পৰিচয়
যিয়ে পায়,
নোহোৱা, নিবিচৰা স্বত্বেও 
পূৰুষ পূৰুষলৈ নাম ৰৈ যায় ।
        
 📝নবীন চন্দ্ৰ কুৰ্মী 
    (বৰপাম, চতিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)