ছাঁয়াচ্ছন্ন হৃদয়

©Admin
0
তোমাৰ অন্তঃকৰণত থকা
প্ৰেমৰ বন্ধ দুৱাৰখন
খুলি দিয়ানা
ৰৈ আছে মৌন হৈ
তোমাৰ বাবে
এসাগৰ মৰম ভালপোৱা••••!!
তোমাৰ জবা ফুলীয়া 
কলিজাত বিৰিঙিব
স্ৰোতস্বিনী হৈ বৈ যাব
তোমাৰ দেহৰ
প্ৰতি শিৰা উপশিৰাত
উজ্বলি উঠিব তোমাৰ
তেজৰ কণিকা বোৰ৷৷
ছাঁয়াচ্ছন্ন হৃদয়ত
দীপ্তিৰ আগমন ঘটিব ৷৷
পবিত্ৰ হৃদয়ত জাগিব তোমাৰ
প্ৰেম ভাল পোৱা
দুয়ো ওঠঁত বিৰিঙিব হাঁহি ৷৷
ৰৈ আছে তোমাৰ বাবে ৷
এসাগৰ মৰম ভালপোৱা ৷
তোমাৰ প্ৰেমৰ বন্ধ দুৱাৰখন
     খুলি দিয়ানা ৷৷

   📝বিনিতা বৰা
     হোজাই জিলা
     লংকা কাকী-3
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)