অনুপম জীৱন

©Admin
0
বাহিৰত মুষুলধাৰেৰে  বৰষুণ দি আছিল । নতুন কাপোৰসাজ পিন্ধি  মুখত মাস্ক এটা লগাই   উপহাৰটো লৈ চন্দনাৰ ছোৱালী নীতাৰ  বিয়ালৈ যাবলৈ সাজু হৈছিল ৰীমা । হঠাতে অহা  বৰষুণজাকে  তাইৰ   আগ্ৰহেৰে  কৰা প্ৰস্তুতিত কিছু ব্যাঘাত জন্মালে  যদিও    স্বামী ৰূপমক  লাহে লাহে সাজু হবলৈ কৈ বাৰাণ্ডাৰ চকীখনতে বহি বৰষুণৰ গতি নিৰীক্ষণ কৰি থাকিল ৰীমাই । নাভাবো বুলিলেও আনুসংগিক কিছুমান চিন্তাই তাইৰ মনত ৰেখা পাত কৰিলে।   আজি ৰীমাৰ ভাগিন ছোৱালী নীতাৰ বিয়া। প্ৰশাসনৰ অনুমতি লৈ চন্দনাৰ  উলুবাৰীত থকা এপাৰ্টমেণ্টটোত আয়োজন কৰা  হৈছে  বিয়াখন ।  দেশত  মহামাৰী কৰোনাৰ  সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে লোৱা বিহীত ব্যৱস্হা ৰূপে গ্ৰহণ কৰা লক ডাউনৰ বাবে সামাজিক দূৰত্ব মানি   আৰু সীমিত সংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত নীতাৰ বিয়াখন অনুষ্ঠিত হব । জাতীয়কৃত বেংক এটাত কৰ্মৰত নীতাৰ  দৰা  নীলিম   একে বেংকৰে উচ্চপদস্থ বিষয়া ।  ৰীমাৰ মোমায়েকৰ ছোৱালী চন্দনাৰ জীৱনটো বহু সংঘাতে ভৰা ।নীতাৰ চাৰিবছৰমান বয়সতে চন্দনাৰ স্বামী পবনৰ  এটি মটৰ দুৰ্ঘটনাত মৃত্যু ঘটিছিল । প্ৰাইভেট কোম্পানীৰ চাকৰিয়াল পবনৰ জমা জাৰি ও  বিশেষ নাছিল । নিজৰ পচন্দৰ ছোৱালী বিয়া কৰোৱা বুলি পবনৰ  গাঁৱৰ ঘৰখনে চন্দনাক কোনোদিনে আপোন বুলি আকোঁৱালি নললে । স্বামীৰ মৃত্যুৰ পিছত সেইখন ঘৰৰ পথ  চন্দনাৰ  বাবে    চিৰদিনলৈ বন্ধ হোৱাৰ উপক্ৰম হৈছিল । ককায়েক সঞ্জয়ে  চন্দনাক ডিব্ৰুগড়ৰ ঘৰলৈ লৈ যাবলৈ আহিছিল যদিও তাই নগ'ল। বৃদ্ধা মাকৰ লগতে ককায়েকৰ সংসাৰত বোজা হবলৈ মন নগল তাইৰ। পবনৰ বৈদিক শ্ৰাদ্ধবিধি যথা নিয়মেৰে সমাপন কৰি এদিন পুৱাবেলা তাই আহি ৰীমাহঁতৰ  ঘৰলৈ আহি বায়েক ৰীমা আৰু ভিনীহিয়েক ৰূপমক হাতে ভৰিয়ে ধৰিলেহি তাইৰ শিক্ষাগত অৰ্হতাৰ জোখাৰে সংস্থাপন এটিৰ ব্যৱস্হা কৰি দিবলৈ । সেইদিনাই  ৰীমা আৰু  ৰূপমে সিদ্ধান্ত লৈছিল যে  আত্ম সন্মানবোধ থকা ছোৱালীজনীক তেওঁলোকে যিকোনো প্ৰকাৰে সহায় কৰিব । ভগবানৰ কৃপাত আৰু ৰীমাহঁতৰ চেষ্টাত অতি সোনকালে ৰীমাই পবনে চাকৰি কৰা কোম্পানীটোতে কম্পিউটাৰ অপাৰেটৰ হিচাপে চাকৰি পালে মালিকগৰাকীৰ বদান্যতাত । অবশ্যে  তাৰ  বাবে  চন্দনাই কম্পিউটাৰৰ তিনিমহীয়া কোৰ্চ এটা কৰিবলগীয়া হ'ল। চন্দনাৰ চাকৰিৰ  সুবিধা  আৰু   কনমানি নীতাৰ সুবিধা হোৱাকৈ  ক্রেছৰ সুবিধা থকা স্কুল এখনত নীতাক এডমিশ্যন দিয়াৰ ব্যাৱস্হা  কৰা  হ'ল ।  সুখ-দুখৰ মাজেৰে চন্দনাৰ চাকৰি আৰু  কনমানি নীতাৰ  স্কুলীয়া জীৱন চলি থাকিল ।সময়বোৰ   পাখি লগা কাঁড়ৰ দৰে উৰি গৈছিল ! শুভাকাংক্ষীসকলৰ সহায়- সহযোগিতাৰ মাধ্যমেৰে  এটা সময়ত দিশহাৰা হৈ  পৰা  চন্দনাই জীৱনৰ হেৰুওৱা  ছন্দ  ঘূৰাই পাইছিল। কনমানি নীতাই এদিন  সুখ্যাতিৰে বি কম পাছ কৰি এম কম কৰি থাকোঁতে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বেংকৰ চাকৰিত যোগদান কৰিলে । চন্দনা আৰু নীতাৰ  সকলো ভাল খবৰৰ ভাগ ৰীমাহঁতে পায়।  কেইবাটাও বছৰ ভাড়াঘৰত  কটাই  এটাসময়ত  বেংকৰ পৰা ঋণ লৈ  চন্দনাই উলুবাৰীত নিজৰ এটা এপাৰ্টমেণ্ট ললে।  খৰধৰকৈ  আয়োজন   কৰিবলীয়া নীতাৰ  বিয়াখনো  উলুবাৰীৰ এপাৰ্টমেণ্টটোতে হব বুলি  চন্দনাই ৰীমাহঁতক  কিছুদিনৰ আগতে জনাইছিল  ।ৰীমাহঁতৰ দুয়োটা সন্তান চাকৰিৰ দায়িত্বত অসমৰ বাহিৰত থকাৰ বাবে   বন্ধবাৰবোৰত  নীতাহত  আহি ৰীমাহঁতৰ ঘৰখন  মুখৰ কৰি তোলে । অবশ্যে  লকডাউনৰ পৰিপেক্ষিতত  দুয়োখন ঘৰৰ আহযাহ কমিছে যদিও নীতাৰ বিয়াখনকলৈ   দুয়োটা পৰিয়ালৰে  বিভিন্ন পৰিকল্পনা আছিল । কিন্তু  হঠাতে নীতাৰ দৰা নীলিমৰ   মাকৰ  দুৰাৰোগ্য অসুখৰ বাবে বিয়াখন আগুৱাই আনিবলগীয়া হল।   লকডাউনৰ বাবে একান্ত আগ্ৰহ থকা সত্বেও ৰীমাহঁতৰ দুয়োটা লৰাই ভনীয়েকৰ বিয়ালৈ বুলি আহিব নোৱাৰিলে ।তথাপি সিহঁতে শুভেচ্ছা জনাইছে ।   সচাঁকৈয়ে  জীৱনৰ ৰূপ ভিন্ন ।  জীৱনৰ বাটত আগুৱাই যাওঁতে আমি  কিমান  যে সংগ্ৰাম আৰু সংঘাতৰ সন্মুখীন হবলগীয়া হয় । কেতিয়াবা যন্ত্ৰণাত উচুপি ,কেতিয়াবা আনন্দত  হাহি  ,ধৈৰ্য আৰু সাহসেৰে নিজৰ  কৰ্ম আৰু সাধনাত   ব্ৰতী  হৈ থাকি জীৱনৰ ৰণ জিনিব  পৰাটো অনুপম জীৱনৰ কৃতিত্ব! ইতিমধ্যে  ৰীমাইও  জানো  সংসাৰ পাক চক্ৰত   পৰি কম জীয়াতু ভূগিলেনে।! অবশ্যে স্বামী ৰূপম আৰু  তাইৰ যোগ্য  সন্তানদুটিৰ সহযোগিতাত তাই  আজি  সম্পূৰ্ণৰূপে সাহসী আৰু  স্বাৱলম্বী মহিলা ৰূপে পৰিগণিত হ'ল,  যিগৰাকীয়ে  আনৰ দুখতো সমভাগী হবলৈ  পাৰ্য্যমানে চেষ্টা কৰে।  "  ৰীমা, আমি  ওলাই যাওঁ  বলা। বৰষুণ এৰিছে এতিয়া ।"    ভিতৰৰ পৰা    বিয়ালৈ যাবলৈ    সাজু হৈ ওলাই অহা  ৰূপমৰ মাতত  বাস্তৱ জগতলৈ ঘূৰি আহিল ৰীমা  ।লৰালৰিকৈ প্ৰয়োজনীয় বস্তুকেইপদ লৈ 
তাই  ৰূপমৰ  লগত  গাড়ীলৈ  আগবাঢিল নীতাৰ শুভবিবাহৰ সুন্দৰ  দিনটোত
আন্তৰিকতাৰে আশিস জনাবলৈ।

📝ৰীতামণি বৰদলৈ 
 (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)