বুকুত শুই থকা তেজাল ঘোৰাঁটো

©Admin
0
বিজুলীৰ চমকনিত 
সাৰ পাইছিল সপোন 

তেজস্বী মনৰ ঘোৰাঁটোৱে
লেকামৰ বান্ধ চিঙিছিল

দুচকুত তাৰ ৰূপান্তৰৰ স্বপ্ন 

দৃঢ়তাই মাথোঁ তাক দৌৰাইছিল
দৌৰাইছিল

দিগ্বিজয়ৰ গৌৰৱেৰে সি
মানৱতাৰ স্বপ্ন বিলাইছিল

চৌপাশে এতিয়া তেজাল ঘোৰাঁটোৰ
যৌৱনোদ্দীপক সঞ্চাৰৰ খলকনি।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)