হেমন্ততে ফুলাম আশাৰ পদুম

©Admin
0

      ভাবিছিলোঁ শেহতীয়াকৈ হ'লেও
পৰিব বসন্তৰ পৰস
কিন্তু চাই থাকোতেই বসন্তই মেলানি মাগিলে
আশাক নিৰাশা কৰি পিছুৱাই গ'ল
আৰু এটি বসন্ত
নাজানো কেতিয়াকৈ ফুলিব আশাৰ পদুম
চাওঁতে চাওঁতে যৌৱনে দেখোন যাব গোট মাৰি।

ইয়াকেই কয় বিধিয়ে দিলেও
নিদিয়ে বিধাতাই
বহু প্ৰতীক্ষাৰ মূৰত বিচাৰি পাইছিলোঁ
আশাৰ পদুম কলি
ৰুম বুলি হেঁপাহেৰে যো-জা চলাওঁতেই
দেশৰ পৰিস্থিতিয়ে ঘটালে বিঘিনী
আপদীয়া বৰষুণ জাক আহি
ঢালি দিলে মোৰ আশাত চেঁচাপানী
উকা হৈয়েই ৰ'ল অতদিনে সাবটি থকা
শিতানৰ গাৰুটি।

বসন্তৰ পৰস নপৰিল নাই
অপেক্ষা এতিয়া হেমন্ত ঋতুলৈ
যদিহে নহয় কোনো বাধা বিঘিনি
হেমন্ততে ফুলাই আশাৰ পদুম
শীততেই উমাল কৰিম চেঁচাপৰা বুকু
মৰমৰ নিহালি টানি।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)