জীৱন নুবুজা সাঁথৰ,পোৱা নোপোৱা,
বুজা নুবুজাৰ ।
জীয়াঁই থাকোতে, জীৱন নাটৰ পৃথিবীৰ ৰংগমঞ্চত অভিনয় কৰি সচাঁ মিছা সংলাপেৰে কন্ঠৰুদ্ধ হৈ চকুমুদি নিথৰ হৈ ভাগৰত শুই পৰিব মাটিৰ বুকুত। মাটিৰ মানুহ মাটিতে বিলিন হৈ পৰে জীৱন নাট শেষ বিয়লি বেলাত।
পাপ কি? পুন্য কি? তুমি কি?মই কি?
বুজিবলে জানিবলে দিন ৰাতি একাকাৰ কৰি
সুখ দুখৰ কথা ভাবি ভাগৰি পৰি
আৰাধ্য দেৱতাৰ সাৰথী হৈ পৰে ।
জীৱন নুবুজা সাঁথৰ
📝শ্ৰী উৎপল দাস
কুৰুৱাবাহি, বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ