মৰমৰ ভন্টিজনী

Rinku Rajowar
0
তুমি নহব পাৰা মোৰ 
    তেজ-মঙহৰ আপোন
কিন্তু তুমি মোৰ জীৱনৰ
    এটা জীয়া-বাস্তৱ সপোন।


তুমি নহব পাৰা মোৰ মাৰ সন্তান
নহব পাৰো আমি দুয়ো সহোদৰ
কিন্তু তুমি মোৰ জীৱনৰ
    এজনী ভন্টি অতিকৈ মৰমৰ।


তুমি মই আমি চিনাকি হোৱাৰে পৰা
তুমি মোক দাদা বুলি মতা দিনৰে পৰা
সচাই মই সুখী অ..প্ৰীতিস্মিতা
 তুমি সচাই পূৰণ কৰি দিলা 
     ভন্টি এজনীৰ অভাৱ অনুভৱৰ খালী হিয়াটুকুৰা।


তুমি সদায়ে থাকিবা দেই
   মোৰ অনুভৱৰ শেতেলী হৈ
থাকিবা সুখী হৈ ওৰে জীৱনলৈ
        মৰমৰ ভন্টিজনী হৈ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)