অগ্রিম ( অণুগল্প )

©Admin
0
চোৱা অনুৰাধা মাহী কোন আহিছে। তোমাৰ লʼৰা আৰু বোৱাৰী। আলহী চৰাৰ দুৱাৰমুখত ৱাৰ্ডেন মিনুৰ খৰখৰীয়া মাত।

চকীত বহিয়ে থৰথৰ কৰি কঁৄপি ওঠে অনুৰাধা দেৱীয়ে। প্ৰায় এ বছৰ পাছৰ সাক্ষাত। মাকৰ মানসিক অৱস্থা অনুভৱ কৰিয়ে চাগে অনুৰাগে আগুৱাই কাষ চাপি  গৈ সেৱা জনায়। বোৱাৰী ৰোমিয়েও শাহুৱেকৰ ভৰি চুৱে আলফুলে। অনুৰাগে এখন চকী টানি লৈ আইৰ ওচৰত বহে।
ৰোমি সাজুৱে আছিল। মবাইলটো উলিয়াই লৈ ফটাফট কেইটিমান শ্বট লই মাক পুতেকৰ। ভিন ভিন ভঙ্গীত বেলেগ বেলেগ এঙ্গলৰ পৰা। মবাইলটো তুলি দিয়ে গিৰীয়েকৰ হাতত।  অনুৰাগে খৰকৈ চকু ফুৰাই প্ৰায় ʼইউৰেকাʼ ৰ সুৰত এখন ফটো দেখুৱাই ঘৈণীয়েকৰ অনুমোদন বিচাৰে। ৰোমিয়ে শ্ৰাগ কৰি কʼলে – ফাইন। ʼমাদাৰ ডেʼ বাবে পাৰফেক্ট। আচৰিত! তুমি ডাঙৰ হোৱাৰে পৰা মাৰাৰ লগত তোমাৰ এখনো ফটো নাই! 

মালৈ এটি টোপোলা আগবঢ়াই অনুৰাগে – তোমাৰ প্ৰিয় গৰম গৰম চিঙাৰা আৰু চমচম। হঠাৎ খৰধৰকৈ আহিবলগীয়া হʼল।  তথাপি লৈ আনিছোঁ। লাহে ধীৰে আটায়ে মিলি খাবা পাছত। বেছি পৰ ৰʼব নোৱাৰোঁ। ʼমাদাৰ ডেʼৰ মিটিং আছে এখন।

অনুৰাধাই বৰ আগ্ৰহও নেদেখুৱায় হাতও আগ নবঢায় – বৃদ্ধাৱাসত আটায়ে  স্বাস্থ্যসচেতন। বাকী থকা দিন কেইটা যাতে কাকো আমনি নিদিয়াকৈ জীয়াই থাকিব পাৰি। এই চিঙাৰা মিঠাই কোনেও নুচুৱে।

দেখ দেখকৈ অপ্ৰস্তূত হয় অনুৰাগ। পুতৌ জাগে অনুৰাধাৰ। হাতখন আগবঢ়ায়। তলুৱাত তেওঁৰ মবাইলটো – ইমানদূৰ কষ্ট কৰি আহিলি মাদাৰ্চ ডেʼৰ ফটো লবলৈ। তোৰ পছন্দৰ ফটোখন ইয়াতে দি দে। ভৱিষ্যতে মই নো কʼত পাম তোক। ৱাৰ্ল্ড চান্চ ডেʼৰ দিনা সেই ফটোখনকেই চছিয়েল মিডিয়াত দি দিম। 

 📝ভাৰ্গৱ জ্যোতিষ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)