নিজানৰ কবিতা

©Admin
0
ডাঃ বৰুৱা
মোৰ বাৰু কি হৈছে
উশাহবোৰ থমকিব খুজিছে
পলকতে
ঠগিব খুজিছে সপোনে

ভৱিষ্যত সম্পৰ্কে ধাৰণা বোৰ
মোৰ বাবে আজিও নুবুজা সাথৰ
ডা:বৰুৱা
কলিজাত থিতাপি লোৱা
শতৰুয়ে
এৰিব নোখোজেছোন এনেকৈয়ে...

নামদাং নৈৰ কাষত বহি 
জীৱন সম্পৰ্কে
ভাবি আছোঁ মনে মনে
চকুৰ আগত কত জন
হেৰাই পলকতে...

সৌ সিদিনা
ভৰা লুইতৰ বুকুত
এবুকু সপোন জাহ যোৱা
দেখিছোঁ স্বচক্ষুৰে..
হাহাকাৰ কৰি উঠা আকাশে
এতিয়াও উচুপে নিৰৱে নিৰৱে...

শলিতাৰ শিখাত বিচাৰি ফুৰা
পোহৰৰ উদীপ্ত সিমনাত
অলপ হলেও জীৱন গঢ়িবৰ
মন আছে,
জীৱিত উশাহবোৰৰ সতে
এখন সমাজ গঢ়িবৰ পণ আছে!
মোৰ বাৰু আজি কি হৈছে ?
ডা:বৰুৱা ৷

📝নৃপেন ৰাজোৱাৰ ,নাজিৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)