পুৱাৰ বৰষুণজাক

©Admin
0
পুৱাতে এজাক বৰষুণ আহিল
হালিচা হালিচাকৈ থকা
কেঁচা সোণবৰণীয়া পাতবোৰ
তিতিল বুৰিল
শিৰীষৰ গছবোৰেও হাঁহি মাৰি
বৰষুণজাকক সাৱটি ধৰিলে
চৰাইবোৰ মিহিকৈ গীত জুৰিছিল
কৰবাত ৰিণি ৰিণি
এজনী কেতেকীয়ে
চিঞৰিছিল
নদীৰ সোঁত বাঢ়ি গৈছিল
ফেনে ফুটুকাৰে
ঢৌ বাঢ়িছিল
চিপ্ চিপ্ বৰষুণ জাকতে এটি কলি দুটি পাতেৰে 
চনামণীহতঁৰ টুকুৰী ভৰিল
চদাৰ আহিল
বাবু আহিল
ওজন জোখাৰ 
সময় আহিল
কোনোবাই দিলে দহ কেজি
আকৌ কোনোবাই দিলে    পাঁচ কেজি
এইদৰে ওজন শেষ কৰি
ঘৰলে ওভতে।

📝 মাৰলিন মুণ্ডা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)