কিবা এটা হৈ আছে

Rinku Rajowar
0
     এটা ফুৰফুৰিয়া গোন্ধ
   বিয়পি পৰিছে  |

   গুণগুণনি এটা উঠিছে
   ধনঞ্জয় ঢোলৰ শব্দ
   ফাটি ফুটি গৈছে
   চৌদিশ  |

   আকাশত মাছৰোকা
   চৰাইজাক উৰি ফুৰিছে
   কিজানি
   মাছৰ সংভেদ পাই  |

   মৌ-মাখিবোৰেই
   ফুল বিচাৰি ফুৰিছে
   ফাগুণ মাহতে 
   মৌ এটোপা গোটাব পাৰিলে 
   মানুহৰ মাজতো
   ইমান মানুহ
   চিনিবই নোৱাৰি
   মানুহ বিচাৰিবলৈ
   ইমান টান  |

   নিশ্চয় কৰবাত
   কিবা এটা হৈছে  |

   📝হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)