এটি কলি দুটি পাতৰ
কি অলেখ্য সোৱাদ,
পিয়লাৰ ওঠত স্পৰ্শ মাত্ৰে
দূৰ হয় সকলো অৱসাদ ।
কোনোৱে ব্যৱহাৰ কৰে
ভাগৰে জুৰুলা দেহাক শাত পেলাব,
আন কোনোৱে আকৌ
আনন্দৰ প'ল সজীৱ কৰিব।
নিজস্ব আনন্দত বিভোৰ
ত্ৰৈলোক্য জয়ী কৰা নৰে
চিন্তি নাচায় এবাৰ
তেজক ঘাম ,পানী কৰি
কুমলীয়া পাতবোৰ চিঙি
সেউজী ৰঙৰ অমূল পৰিবৰ্তন
কৰি ৰঙা ,মুগা বৰণত
সোৱাদৰ চমক দিয়া
শ্ৰমিকৰ কথা ।
✍️নবীন চন্দ্ৰ কুৰ্মী
বৰপাম , চতিয়া , বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ