তুমি দিয়া প্ৰতিশ্ৰুতি

©Admin
0
জোনাক নিশা
জোনৰ হাঁ‌হি থকা মুখখনিলৈ চাই
প্ৰতিশ্ৰুতি দিছিলা যে তুমি
আছেনে মনত তোমাৰ?
মোৰ হৃদয়ত এখনি
তেজৰঙা নদী বোৱাই দিয়াৰ
আৰু হিয়াত এখন
সোণৰ সৰগ সজাৰ প্ৰতিশ্ৰুতি।
যেন সেয়া তোমাৰ 
মোৰ প্ৰতি থকা 
অনাদি প্ৰেমৰ চিন,
ফাগুনৰ ৰংবোৰ
প্ৰতিবছৰে বুটলি ৰাখিছানে?
তোমাৰ মোৰ সপোনবোৰ 
ৰঙীন কৰাৰ দিনা 
প্ৰয়োজন হব ৰংবোৰ।
নাপাহৰিবা,
হৃদয়ৰ গভীৰতালৈকে
ৰং সিঁ‌চি দিয়াৰ
তোমাৰ আজন্ম প্ৰতিশ্ৰুতি,,,

📝দ্বীপ দীপাংকৰ লাহন
   বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)