ভোক

Rinku Rajowar
0
প্ৰতিদিনে প্ৰতিখোজে
মানুহবোৰ  জন্তু হৈ
ভোকৰ তাড়নাত
ক'ত লোকৰ আশাৰ সমাধি ঘটাইছে ।

যান্ত্ৰিকতাৰে ভৰপূৰ সমাজখনত
আজি এমুঠি অন্নৰ ভোকত
ফুটপাটত পৰি জীৱন কটাইছে
মুখৰ হাঁহি নোহোৱা কৰি ।

আনফালে নিমাত চহৰখনত
ৰাতিৰ আন্ধাৰত সাৰে থাকি
শৰীৰক নগ্ন কৰি
উঠন বুকুৰ ওপৰত
দেহৰ সুগন্ধি লৈ..
কিছুমান নৰপিপাশে পশুশীলতাৰে
নিতৌ জুখিছে দুহাতে
দেহৰ খলাবমাবোৰ..।
তথা পথৰ দাঁতিত 
দৃষ্টি নিক্ষেপ কৰে
কঁকালৰ ভাজ দেখি..।

এনেকৈ জীয়াই থাকে
ভোকত বলি হৈ
দেহৰ সৌন্দৰ্য নোহোৱা কৰি..।

📝শচীন কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)